ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ

ওদালগুৰিত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজনৰ

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । হাতী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে চেষ্টা চলাই থকাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ওদালগুৰি জিলাত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ।

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ সমীপৰ সাতঘৰীয়া গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ জাকৰ আক্ৰমনত অতি কৰুণ ভাৱে প্ৰাণ হেৰুৱাব লগীয়া হৈছে এজন লোকে । লোকজন কাডে হেমৰম বুলি জানিব পৰা গৈছে।লোক জনৰ বয়স প্ৰায় ৫৪ বছৰ বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

খাদ্যৰ সন্ধানত ওলাই আহি হাতীৰ জাকটোৱে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খাই তহিলং কৰে বিঘাই বিঘাই পকা ধান ।অঞ্চলতোৰ বিভিন্ন ঠাইত বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ঘৰত মজুত কৰি ৰখা খাদ্য সামগ্ৰী খাই তহিলং কৰে ।

বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বহুকেইটা পৰিয়াল । বনৰীয়া হাতীৰ আক্ৰমনত এতিয়া নিদ্ৰা বিহীন ৰজনী পাৰ কৰিবলগীয়া হৈছে ৰাইজে ।

উল্লেখ্য যে, বিগত এমাহ ধৰি বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটোত জনসাধাৰণৰ নিদ্ৰাহৰণ কৰিছে আহিছে যদিও হাতীৰ জাকটোক খেদি পঠিওৱাৰ বাবে বন বিভাগে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী ৰাইজে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com