কৰ্মস্থলীত হোৱা আপত্তি জনক ঘটনাৰ সন্দৰ্ভত সাহসেৰে ব্যক্ত কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী স্বৰা ভাস্কৰে ৷

কৰ্মস্থলীত হোৱা আপত্তি জনক ঘটনাৰ সন্দৰ্ভত সাহসেৰে ব্যক্ত কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী স্বৰা ভাস্কৰে ৷

কৰ্মস্থলীত মোৰ লগত বহুত আপত্তিজনক কাণ্ড সংঘটিত হ’ল৷আৰু এই কাৰ্য সংঘটিত কৰা ব্যক্তিজন আছিল এজন ডাইৰেক্টৰ ৷এই মন্তব্য বলীউডত নিজৰ অভিনয়েৰে প্ৰতিস্থিত হোৱা অভিনেত্ৰী স্বৰা ভাস্কৰৰ (Swara Bhaskar)৷ লগতে অভিনেত্ৰী গৰাকীয়ে কয় যে,তেওঁক যে sexual harassment কৰিছে,প্ৰায় ৬-৭ মাহৰ পিছতহে এই কথাটোক উপলব্ধি কৰিলে ৷ এগৰাকী ব্যক্তিয়ে যেতিয়া এনেধৰণৰ ঘটনা নিজৰ লগত হোৱাৰ কথা ব্যক্ত কৰোঁতেহে স্বৰা ভাস্কৰে নিজৰ লগত পূৰ্বতে হোৱা যৌন উৎপীড়নৰ ঘটনাৰ কথা অনুভৱ কৰে। অৱশ্যে অভিনেত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত কাৰো নাম উল্লেখ কৰা নাই ৷ ইফালে অভিনেত্ৰী স্বৰা ভাস্কৰে নিজৰ লগত হোৱা এনে ধৰণৰ কথাৰ প্ৰসংগ কথা উত্থাপন কৰি কয় যে, যুৱতী সকলক সৰুৰে পৰা কাৰোবাৰ পৰা পোৱা আপত্তি জনক স্পৰ্শ তথা আপত্তি জনক ব্যৱহাৰৰ বিষয়ে জ্ঞান দিব লাগে ৷ সচেতন কৰিব লাগে ৷

যিকোনো কৰ্ম ক্ষেত্ৰৰ হোৱা যৌন উৎপীড়ন এক মহামাৰীৰ দৰে ৷ টেলিভিশ্যনৰ লগতে বলীউডৰ ছবিসমূহৰ জৰিয়তে এই ক্ষেত্ৰত জাগৰণ অনাৰ চেষ্টা কৰিব লাগে ৷ এই মন্তব্য অভিনেত্ৰী স্বৰা ভাস্কৰৰ৷ অন্যহাতে চিনে এণ্ড টিভি আৰ্টিষ্ট এছ’চিয়েচনে( চিন্টা) ঘোষণা কৰিছিল যে মনোৰঞ্জন উদ্যোগত যৌন উৎপীড়নৰ দৰে ঘটনা সমূহৰ বিৰুদ্ধে জাগৰণ আনিবৰ কাৰণে সমিতি গঠন কৰা হ’ব ৷ এই কমিটীত সদস্য হ’ব স্বৰা ভাস্কৰ, ৰেণুকা শাহাণে আৰু ৰবীনা টেণ্ডনৰ দৰে অভিনেত্ৰী ৷ইফালে এই সন্দৰ্ভত স্বৰা ভাস্কৰে মন্তব্য কৰে যে মই "চিন্টা"ই গঠন কৰা কমিটি খনৰ সদস্য ৷ কৰ্মস্থলীত সন্মুখীন হোৱা বিভিন্ন আপত্তিজনক ব্যৱহাৰ সন্দৰ্ভত এই কমিটি খনে ৱকশ্বপ আয়োজন কৰিব ৷ সকলোৱে একত্ৰিত হৈ আমি সমাজৰ এই কৰ্মসমূহৰ বিৰুদ্ধে কাম কৰি আগবাঢ়ি যাম ৷

সম্প্ৰতি দেখা যায় যে কৰ্মস্থলীত বা যিকোনো ক্ষেত্ৰত মহিলাসকলৰ সুৰক্ষা,তেওঁলোকক কৰা সন্মান, মহিলাসকলৰ দৃষ্টিভংগীক সন্মান কৰা এই সকলো দিশত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় ৷ অন্যহাতে বুজিব পৰা হোৱাৰ পৰাই কন্যা সন্তানক আপত্তি জনক স্পৰ্শ বা তেনেধৰণৰ ইংগিতৰ ক্ষেত্ৰত সজাগ হ’বলৈ শিকাব লাগে ৷ কিন্তু যেতিয়ালৈকে মানুহৰ মনোভাৱ,দৃষ্টিভংগী পৰিৱৰ্তন নহয়, তেতিয়ালৈকে সমাজত এনেধৰণৰ ঘটনা সমূহ সংঘটিত হৈয়ে থাকিব ৷ গতিকে সকলোৱে নিজৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰি এখন সুস্থ সমাজ গঢ়িবলৈ প্ৰয়াস কৰিব লাগে ৷

উল্লেখ্য যে, স্বৰা ভাস্কৰ হ’ল এগৰাকী প্ৰসিদ্ধ বলীউড অভিনেত্ৰী ৷ ২০০৯ চনত স্বৰায়ে মাধোৱালৰ ছবি Keep Walkingৰ জৰিয়তে অভিনয় জগতত খোজ পেলাই৷ এই ছবিখন ৩৩ সংখ্যক কাহিৰা আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শন কৰে ৷ ইয়াৰ পিছতে সঞ্জয় লীলা ভাঞ্চলীৰ ছবি "গুজাৰিশ"ত ঋত্বিক ৰোশন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ লগত সহশিল্পীৰূপে অভিনয় কৰে ৷ ২০১১ চনত মুক্তি প্ৰাপ্ত "তনু ৱেডছ মনু"ত কংগনা ৰানাউটৰ বেষ্ট ফেণ্ডৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰে স্বৰা ভাস্কৰে ৷ ইয়াৰোপৰি স্বৰা ভাস্কৰে অভিনয় কৰে "ৰানঝানা" ছবি অভিনয় কৰে৷এই ছবি খনত স্বৰাই সৰ্বশ্ৰেষ্ঠ সহকাৰী শিল্পীৰ ফিল্মফেয়াৰ এৱাৰ্ড লাভ কৰে ৷ স্বৰা ভাস্কৰে অন্যান্য ছবিৰ ভিতৰত আছে কৰীনা কাপুৰ,সোনম কাপুৰ আৰু শিখা তলচানিয়াৰ সৈতে অভিনীত "ৱীৰে দী ৱেডিং"।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com