খুমটাইত সমূখ সমৰত বিজেপি-কংগ্ৰেছ

খুমটাইত সমূখ সমৰত বিজেপি-কংগ্ৰেছ

সন্মুখত পঞ্চায়ত নিৰ্বাচন ৷ সকলো দল ব্যস্ত হৈ পৰিছে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত ৷ খুমটাইৰ কঠালগুৰি খণ্ড উন্নয়ন কাৰ্যালয়ত বিজেপি বিধায়ক মৃনাল শইকীয়াই আৰু প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ য়ে পঞ্চায়ত প্ৰতিনিধিসকলৰ মনোনয়ন পত্ৰ দাখিল কৰে ৷

বিধায়ক মৃনাল শইকীয়াই এখন মালবাহী গাড়ীৰ ওপৰত উঠি বিশাল সমদলেৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহে ৷ খুমটাইত সকলো পঞ্চায়ততে বিজেপিৰ জয় নিশ্চিত বুলি দাবী কৰে বিধায়কগৰাকীয়ে ৷

আনহাতে প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ মূল প্ৰতিদ্বন্দ্বী অগপহে বুলি দাবী কৰে ৷ আনহাতে বিজেপি আৰু অগপৰ মাজত গোপন বুজাবুজিৰ অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ৷

প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ ক্ষেত্ৰত অগপ আৰু বিজেপিয়ে বুজাবুজি কৰি দুয়োটা দলেই ঠাই বিশেষে দুৰ্বল প্ৰাৰ্থী অৱৰ্তীৰ্ণ কৰিছে বুলি অভিযোগ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ । উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে খুমটাইত আৰম্ভ হৈছে আক্ৰমণ, প্ৰত্যাক্ৰমণৰ যুঁজ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com