গনেশ চতুৰ্থী আয়োজনত সংগ্ৰহ হোৱা টকাৰে চিকিৎসা কৰিছে অনাথ যুৱকক

গনেশ চতুৰ্থী আয়োজনত সংগ্ৰহ হোৱা টকাৰে চিকিৎসা কৰিছে অনাথ যুৱকক

মানৱতাই হৈছে মানুহৰ আটাইতকৈ ডাঙৰ ধৰ্ম।সেয়ে মানুহে মানুহৰ মাজত কোনো জাত-পাতৰ কথা বিচাৰ নকৰি কোনো স্বাৰ্থ আগত নাৰাখি নিঃস্বাৰ্থ ভাৱে সহায় কৰিব লাগে।আমাৰ দেশত ভগৱানক পূজা কৰাৰ আগত নাইৱা পূজাৰ সময়ত বহুপৰিমানৰ ঘিউ,গাখীৰ,পানী আদি অপচয় কৰা হয়

আনহাতে,কিছু দুখীয়া শ্ৰেনীৰ ল'ৰা-ছোৱালীয়ে এমুঠি অন্ন খাবলৈ নাপায় পেটত গামোছা মাৰি ভোক নিয়ন্ত্ৰন কৰিবলগীয়া হ'য়।মানৱ সেৱা কৰা ভগৱানক পূজা কৰা অধিক ফলপ্ৰসু বুলি কোৱা হয়,সেয়ে মনৰ পৰা নিঃস্বাৰ্থ ভাৱে মানুহক সেৱা আগবঢ়ালে আত্মশান্তি লাভ কৰিব পৰা যায়।যদিহে মানুহে মানুহৰ হকে কোনো অহিত চিন্তা নকৰে,শান্তিপূৰ্ন ভাৱে ইজনে সিজনক সহায়ৰ হাত আগবঢ়ায় তেন্তে ইয়াতকৈ আৰু ডাঙৰ পূজা একো হ'ব নোৱাৰে।ঠিক এনেধৰনৰ চিন্তা কৰা গনেশ চতুৰ্থীৰ আয়োজক সমিটিৰ সদস্যই আয়োজন কৰা পূজাৰ জৰিয়তে সংগ্ৰহ হোৱা ধনেৰে দুখীয়া লোকক সেৱা আগবঢ়াই সমাজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

সতীশ জোৰী

পুনেস্থিত ৫৬বছৰ ধৰি নৱশক্তি মিত্ৰ মণ্ডলৰ সদস্যই প্ৰতিবছৰে পালন কৰে গনেশ চতুৰ্থী।ঠিক এইবাৰো আয়োজন কৰা হৈছিল এই পূজা আৰু এইবাৰ পূজাত সেই নৱশক্তি মিত্ৰ মণ্ডলৰ সদস্য সকলে কোনো এজন দুখীয়া ল'ৰাৰ চিকিৎসাৰ বাবে পুজাত সংগ্ৰহ হোৱা টকা খিনি প্ৰদান কৰে উন্নত চিকিৎসাৰ বাবে।

২২বছৰীয়া বয়সৰ ল'ৰাটোৰ চিকিৎসাৰ বাবে এই মিত্ৰ মণ্ডলে পইচা খৰচ কৰে।২২ বছৰীয়া সতীশ জোৰী নামৰ এজন স্থানীয় বাসিন্দা।ল'ৰাটোৰ কোনো পৰিয়াল বৰ্গ নাই।কিছুদিন পূৰ্ৱে ল'ৰাটোৱে এক দূৰ্ঘটনাত গভীৰ ভাৱে আঘাৰপ্ৰাপ্ত হৈ অচেতন হৈ পৰে।স্থানীয় লোকে ল'ৰাটোক ঘৰৰ মজিয়াত পৰি থকা দেখা পায় আৰু তৎক্ষণাত ওচৰৰ চিকিৎসালয়ত ভৰ্ত্তি কৰায়।ল'ৰাটোৰ চিকিৎসাৰ বাবে কোনো এজন লোক সহায়ৰ বাবে আগবাঢ়ি নাহে সেয়ে নৱশক্তি মিত্ৰ মণ্ডলে সহায়ৰ হাত আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহে।বৰ্তমানলৈ এই নৱশক্তি মিত্ৰ মণ্ডলে চিকিৎসাৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে আৰু প্ৰায় ৪.৫লাখ টকা খৰচ হ'ব বুলি মত প্ৰকাশ কৰিছে দলটোৱে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com