গুৱাহাটী, বৰপেটা,কোকৰাঝাৰ, ধুবুৰীত তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচন

গুৱাহাটী, বৰপেটা,কোকৰাঝাৰ, ধুবুৰীত তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচন

আজি গুৱাহাটী লোকসভা সমষ্টিৰ লগতে ধুবুৰী, বৰপেটা আৰু কোকৰাঝাৰ সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ। ৪ টা সমষ্টিতে ১১ বজালৈকে ভোটৰ হাৰ ২৮.৬৪ শতাংশ । ধুবুৰী লোকসভা সমষ্টিত ভোটৰ হাৰ ৩১.৫৪ শতাংশ, কোকৰাঝাৰ সমষ্টিত ভোটৰ হাৰ ২৭.২ শতাংশ , বৰপেটা সমষ্টিত ২৫.৮৬ শতাংশ, গুৱাহাটী সমষ্টিত ভোটৰ হাৰ ২৯.৪৭ শতাংশ ।

কামৰূপ মহানগৰত জালুকবাৰীত দিন ১১ বজালৈকে ভোটৰ হাৰ ২৮.৪ শতাংশ, দিছপুৰত ২৬ শতাংশ, পুব গুৱাহাটীত ভোটৰ হাৰ ২৪ শতাংশ আৰু পশ্চিম গুৱাহাটীত ভোটৰ হাৰ ২২ শতাংশ । গুৱাহাটী সমষ্টিত ভোটৰ হাৰ ২৯.৪৭ শতাংশ ।

উজান বজাৰ শিশু বিদ্যালয়ত অভিনেত্ৰী বৰষা ৰাণী বিষয়ায়ে ভোটাধিকাৰ সাব্যস্ত কৰে। যোগ্য প্ৰাৰ্থীক ভোটাধিকাৰ সাব্যস্ত কৰি নাগৰিকৰ দায়িত্ব পালন কৰে বুলি প্ৰকাশ কৰে বৰষা ৰাণী বিষয়ায়ে । নৱ প্ৰজন্মৰ সন্দৰ্ভত তেওঁ কয় বৰ্তমানৰ নব প্ৰজন্ম যথেষ্ট সজাগ আৰু নিজৰ দায়িত্ব জানে । সেয়েহে বহু সংখ্যক নতুন ভোটাৰে ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিছে বুলি প্ৰকাশ কৰিছে । লগতে জনসাধাৰণক ৰাজনীতিৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাই ।

গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকায়ে ভোটাধিকাৰ সাব্যস্ত কৰে। উজান বজাৰ শিশু বিদ্যালয়ত উপমন্যু হাজৰিকাই ভোটদান কৰি কয় ভোটৰ ৰচিদ ঘৰে ঘৰে দিয়াটো নিৰ্বাচনী আয়োগৰ ভাল পদক্ষেপ । লোকসকলৰ নাম আৰু কেন্দ্ৰ ওৱেবচাইটৰ যোগেদি বিচৰাটো জনসাধাৰণৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় । লগতে তেওঁ কয় যথেষ্ট সংখ্যক ভোটাৰ ওলাই আহিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিছে।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com