ঘৰে ঘৰে কাম কৰা এগৰাকী মহিলা সফল মডেল হিচাপে প্ৰতিষ্ঠিত

ঘৰে ঘৰে কাম কৰা এগৰাকী মহিলা সফল মডেল হিচাপে প্ৰতিষ্ঠিত

ফেশ্বনৰ এই দুনিয়া খনৰ জাক-জমকতা কোন লোকে নো পছন্দ নকৰে ? এই জগত খনত পইচা আৰু সন্মান দুয়োটাই আছে যদিও এই দুয়োটা পাবলৈ আৰু নিজক প্ৰতিষ্ঠা কৰাবলৈ অতি কঠিন । সাধাৰন মানুহৰ ধাৰনাত এই জগত খনত নিজক প্ৰতিষ্ঠা কৰাবলৈ প্ৰতিভাৰ প্ৰয়োজন নহয় বৰঞ্চ সুন্দৰ হোৱাৰ প্ৰয়োজন লগতে বিভিন্ন জনৰ লগত সুৃ-সম্পৰ্ক থকাৰ প্ৰয়োজন । কিন্তু আমাৰ আজিৰ কাহিনীভাগে এইকথাৰ প্ৰমান কৰি দেখুওৱায় যে,প্ৰতিভা থাকিলে নিজৰ লক্ষ্যত উপনীত তথা নিজক প্ৰতিষ্ঠা কৰিবলৈ সফল হ'ব পাৰি । প্ৰতিভাৱান ব্যক্তিয়ে নিজৰ পথ নিজে সাজি উলিয়াই । আমাৰ আজিৰ কাহিনীভাগ হৈছ ঘৰে ঘৰে কাম কৰা (কাম ৱালী বাই) এগৰাকী মহিলা যিয়ে নিজৰ প্ৰতিভাৰ জৰিয়তে জীৱনত সফল মডেল হিচাপে প্ৰতিষ্ঠা হ'ব পাৰিছে । কামৱালী বাইৰ পৰা জীৱনত সফল মডেক হোৱাৰ এই যাত্ৰাৰ মহিলা গৰাকীয়ে হৈছে আমাৰ আজিৰ কাহিনীৰ মুল নায়িকা ।

চোডছ অৱ ইণ্ডিয়া নামৰ এটা জনপ্ৰিয় ফেশ্বন ব্ৰেণ্ডৰ সঞ্চালক(ডায়ৰেক্টৰ) মনদীপ নেগীয়ে আজিৰ পৰা কিছু বছৰ পূৰ্বে এক ব্যতিক্ৰমী পৰ্যবেক্ষন(এক্সপ্ৰিয়েমেণ্ট) কৰিছিল । দৰাচলতে মনদীপে নিজে নিজৰ নতুন কালেক্টচনৰ বাবে এগৰাকী মডেল বিচাৰি আছিল । দেশৰ বহু নামি-দামী প্ৰসিদ্ধ মডেলৰ সৈতে সংযোগ থকা পিছতো মনদীপে ওচৰতে কাম কৰা মহিলা(কামৱালী বাই) এগৰাকীক পৰবৰ্ত্তী প্ৰজেক্টৰ বাবে মডেল হিচাপে নিৰ্বাচন কৰে । যেতিয়াই মনদীপে কমলাক দেখিছিল তেতিয়াই তেওঁৰ বিশ্বাস হৈছিল যে তেওঁৱে অৰ্থাৎ কমলাই হ'ব তেওঁৰ পৰবৰ্ত্তী প্ৰজেক্টৰ বাবে মডেল হ'ব ।

যেতিয়া মনদীপে কমলাৰ সন্মুখত এই প্ৰস্তাৱ ৰাখে তেতিয়া কমলাই মনদীপৰ কথাক গুৰুত্ব নিদিয়ে বৰঞ্চ হাঁহি মাৰি উৰুৱাই দিয়ে । কিন্তু মনদীপে কমলাক নিজৰ মডেল বুলি মানি লৈছিল,সেয়ে তেওঁ পুনৰ বাৰ এই সন্দৰ্ভত কমলাৰ সৈতে কথা পাতে । কমলা দুটা সন্তানৰ মাতৃ আছিল আৰু দিল্লীত লোকৰ ঘৰত কাম কৰি জীৱিকা-নিৰ্বাহ কৰিছিল । কমলাৰ বাবে মডেক হোৱাটো দূৰৰ কথা ইয়াৰোপৰি এই প্ৰস্তাৱক সন্মতি দিয়াটোও বহু ডাঙৰ কথা আছিল । কমলাই বহু দিন ধৰি ভাবি চিন্তি মনদীপৰ প্ৰস্তাৱক গ্ৰহন কৰি মডেল হিচাপে তেওঁৰ সৈতে কাম কৰাৰ বাবে সন্মতি দিয়ে ।

কমলাৰ পৰা উত্তৰৰ এদিনৰ পিছতে মনদীপে ডিজাইন কৰা সাজ কমলাক পৰিধান কৰিবলৈ দিয়ে । মেকআপ আৰু লগতে এনেধৰনৰ কাপোৰ পৰিধান কৰি নিজক আইনাৰ সন্মুখত এই ৰূপত দেখি নিজে তবধ তথা আচৰিত হৈ পৰিছিল । এনেদৰে সলনি হোৱা তেওঁৰ এই নতুন ৰূপত নিজক দেখি কমলাৰ মনত আত্মবিশ্বাস বাঢ়িল । সেই সময়ত মনদীপে জনা নাছিল যে,তেওঁৰ এযোৰ সাজে কমলাৰ জীৱনে সলনি হৈ পৰিব । তেওঁ কমলাক মাত্ৰ এটা নতুন আৰু ব্যতিক্ৰমী অনুভৱ দিব বিচাৰিছিল ।

আত্মবিশ্বাসৰ সৈতে কমলাই যেতিয়া ৰেম্পত খোজ দিছিল,কেমেৰাৰ সন্মুখত কমলাৰ কাৰ্য সচাঁই অতি প্ৰশংসনীয় আছিল । ফটোশ্বুটৰ সময়ত মনদীপ আৰু কমলাাক সকলোৱে মানুহে বহু প্ৰশংসা কৰিছিল । বৰ্তমান কমলা এগৰাকী সফল মডেল আৰু বহুকেইটা প্ৰসিদ্ধ ব্ৰেণ্ডৰ বাবে ফটোশ্বুটো কৰিছে ।

কমলাৰ এই সফলতা সঁচাই প্ৰশংসনীয় আৰু তেওঁ প্ৰমান কৰি দেখুওৱায় যে,সকলো ব্যক্তিৰ মাজত প্ৰতিভা থাকে । মাত্ৰ সময়ত সেই প্ৰতিভাক জানি লৈ প্ৰতিষ্ঠা তথা মানুহৰ মাজলৈ আনি সফল কৰি তোলাটোহে জৰুৰী । এই জগত খনত মজবুট আত্মবল আৰু কঠোৰ কষ্টৰ অন্তত সফলতা লাভ কৰিব পৰা যায় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com