চলচ্চিত্ৰ প্ৰেমী সকলৰ কাৰণে সুখবৰঃ কাৰণ আপোনালোকক ৰোমাঞ্চিত কৰিবলৈ আহি আছে ভাৰত

চলচ্চিত্ৰ প্ৰেমী সকলৰ কাৰণে সুখবৰঃ কাৰণ আপোনালোকক ৰোমাঞ্চিত কৰিবলৈ আহি আছে ভাৰত

বলীউডৰ ছবিসমূহ মুক্তি পালে সততে উৎফুল্লিত হৈ থাকে অনুৰাগীসকল ৷সম্প্ৰতি অধিক উৎফুল্লিত বলীউডৰ চলচ্চিত্ৰপ্ৰেমী সকল ৷ কাৰণ আহি আছে বলীউডৰ ভাইজান ছলমান খানৰ ভাৰত ছবিখন ৷আলী অব্বাছ জফৰ নিদৰ্শনত নিৰ্মিত ছলমান খানৰ ছবি ভাৰতৰ ট্ৰেইলৰ সম্প্ৰতি ৰিলীজ হৈ গ’ল ৷ ছবিখনৰ ট্ৰেইলৰ ছলমান খানে নিজৰ নামটো বিশ্লেষণ কৰে ৷ লগতে ইয়াৰ পিছতে ছলমান খানে এখন বাইকেৰে ষ্টান্ট কৰা দেখা যায় ৷ প্ৰায় ১ মিনিট ২৬ ছেকেণ্ডৰ ট্ৰেইলৰটোত ছলমান খানে মুখত মাক্স বান্ধি এন্টী কৰে ৷ লগতে কাৰোবাক অনুসৰণ কৰি এন্ট্ৰী মৰা ছলমান খান ভাৰত ছবিখনত নেভীৰ এজন বিষয়া হিছাপে অভিনয় কৰিছে ৷

এক তথ্য অনুসৰি ছলমান খানৰ ভাৰত ছবি খন মুক্তি পাব চলিত বৰ্ষৰ ঈদত ৷ ছবি খনত ছলমান খানৰ লগতে কেটৰীণা কাইফ,সুনীল গ্ৰোবৰ,দিশা পাটানী,টাবু,জেকি শ্ৰফ,আছিফ চেইখ,ৱৰুন ধাৱনৰ লগতে বলীউডৰ বহু ন পুৰনি শিল্পীয়ে অভিনয় কৰিছে । ইফালে ছবিখনৰ নাম ভাৰত কিয় ৰখা হ’ল এই সন্দৰ্ভত প্ৰশ্ন হ’ব পাৰে অনুৰাগীসকলৰ ৷ পিছে ছবিখনৰ ট্ৰেইলৰটোৰ আৰম্ভনিতে ছলমান খানে কয় যে প্ৰায়ে জনসাধাৰণে মোক প্ৰশ্ন কৰে যে মোৰ উপনাম কি?জাতি কি?ধৰ্ম কি? উপাধি কি?আৰু মই এই প্ৰশ্ন উত্তৰত হাঁহি মই কওঁ যে মোৰ দেশ খনৰ নামেৰেই মোৰ নামটো দেউতাই ভাৰত ৰাখে ৷ গতিকে ইমান ডাঙৰ নামৰ আগত জাতি,ধৰ্ম বা অথবা উপাধি সংযোগ কৰি মই মোৰ লগতে দেশ খনৰ অপমান কৰিব নোৱাৰোঁ৷

ইয়াৰ পিছত ১৯৮৯ চনত “মেইনে প্যাৰ কিয়া”,১৯৯৪ চনত “হাম আপকে হ্যে ক’ন”,১৯৯৫ চনত “কৰণ-অৰ্জুন”,১৯৯৯ চনত ৱিৱি নাম্বাৰ-১”,হাম চাথ চাথ হ্যে”,২০১০ চনত “দাবাং”,২০১১ চনত “ৰেড্ডী”,২০১২ চনত “এক থা টাইগাৰ”,২০১৪ চনত “কিক”,২০১৬ চনত “চুলতান”, ২০১৭ চনত “টাইগাৰ জিন্দা হ্যে”,আদি ছবিত অভিনয়ৰ জৰিয়তে ছলমান খানৰ প্ৰিয় হঋ পৰে দৰ্শকৰ ৷অন্যহাতে ছলমানৰ ছবি বুলিলেই মনলৈ আহে বলীউডত ধুমুহাৰ সৃষ্টি কৰা ছবিৰ কথা ৷ ছলমানৰ ছবি বুলিলেই মনলৈ আহে ৰোমাঞ্চ,এক্সন,ড্ৰামা তথা সুন্দৰ সংগীতেৰে সমৃদ্ধ কাহিনী ৷

যিয়ে সমাজৰ প্ৰত্যেকজন লোকলৈ দি থৈ যায় এটা সুকীয়া বাৰ্তা ৷ লগতে নিজৰ অভিনয় প্ৰতিভা বা ছবিৰ প্ৰডাকছনৰ কাৰণে ছলমান খানে লাভ কৰে কেইবাটাও বটাঁ ৷ বলীউডৰ দৰে সৰু পৰ্দাটো সমানেই জনপ্ৰিয় ছলমান খান৷সৰু পৰ্দাৰ জনপ্ৰিয় অনুষ্ঠান “বিগ বছ” জনপ্ৰিয়তাৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷ইফালে আৰ্তজনৰ কাষত সদায় ছলমান খান উপস্থিত হৈ সহায়ৰ হাত আগবঢ়োৱাৰ নজিৰ আছে। উল্লেখ্য যে বলীউডত বহুতো নৱাগতাক ছবিত অভিনয়ৰ কাৰণে সুযোগ দি ছলমান খানে প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰি আহিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com