ছালৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক আপুনিঃকিন্তু কেনেকৈ ?

ছালৰ বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাওঁক আপুনিঃকিন্তু কেনেকৈ ?

নিজকে সুন্দৰকৈ সজাবলৈ সকলোৱে বিচাৰে ৷ ব্যতিক্ৰম নহয় আপুনিও ৷ কিন্তু সুন্দৰ হ’বলৈ আমি আমাৰ ছালত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰীয়ে আমাৰ ছালখন ক্ষতি কৰে ৷কিন্তু আমাৰ মা,আইতা,বৰমাসকলে সৌন্দৰ্য্যৰ ক্ষেত্ৰত মুলটানি মাটি ব্যৱহাৰ কৰাৰ কথা শুনা যায় ৷ কাৰণ ছালৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হৈছে মূলটানি মাটি ব্যৱহাৰ ৷গতিকে আমাৰ ছাল খন সকলো সময়তে সতেজ কৰি ৰাখিবলৈ হ’লে আমি মুলটানি মাটি ব্যৱহাৰ কৰিব পাৰোঁ ৷মুলটানী মাটিয়ে ছালৰ অতিৰিক্ত তেল,ছালত থকা অপদাৰ্থ সকলো আঁতৰাই ছালখন উজ্জ্বল কৰাত সহায় কৰে ৷ প্ৰায় যুৱতীৰে গালত তিল,অথবা মাহ অতিৰিক্ত ৰূপত উঠি সৌন্দৰ্য্যত ব্যাঘাট জন্মায়। গতিকে মূলটানি মাটিয়ে তিল,মাহ আঁতৰাই সুন্দৰ এখন ছাল হোৱাত সহায় কৰে ৷

আমাৰ প্ৰায় সংখ্যকৰে তেলীয়া ছালে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷কাৰণ তেলীয়া ছালত গুটি,ব্লেকহেডছে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷গতিকে মুলটানি মাটিৰ ব্যৱহাৰ ছালখনক উজ্জ্বল কৰাত সহায় কৰে ৷ইয়াৰোপৰি সম্প্ৰতি সকলোৰে ব্যস্ততা পূৰ্ণ জীৱনত আমি অধিকাংশ সময় বাহিৰত অথবা ৰ’দত থাকিব লগা হয় ৷ গতিকে ৰ’দে আমাৰ ছালখন পুৰী আমাৰ ছালৰ সৌন্দৰ্য ম্লান কৰে ৷ গতিকে ৰ’দে পোৰা ছালত মূলটানি মাটি ব্যৱহাৰ কৰি হেৰাই যোৱা সুন্দৰতা পাব পাৰোঁ৷

ইফালে বহু সময় কম্পিউটাৰৰ সন্মুখত বহিলে বা টোপনি খতি কৰিলে চকুৰ তলত ক’লা দাগ পৰাটো নতুন কথা নহয় ৷আমাৰ সকলোৰে এই সমস্যাই অসুবিধাত পেলায় ৷ গতিকে মুলটানি মাটি ব্যৱহাৰ কৰি আপুনি এই সমস্যাটোৰ পৰাও ৰক্ষা পাব পাৰে ৷মুলটানি মাটি যে কেৱল তেলীয়া ছালৰ কাৰণে উপযোগী এনে নহয়। সাধাৰণ বা শুকান ছালৰ কাৰণেও উপযোগী ৷মুলটানি মাটিৰ লগত গোলাপজলৰ মিহলাই ৰাখিলে আপোনাৰ ছালৰ সকলো ধৰণৰ সমস্যা পৰা পৰিত্ৰাণ পাব আপুনি ৷

যদি আপোনাৰ ছাল অত্যন্ত শুকান ৷তেন্তে মুলটানি মাটি,মৌ লগত মিহলাই প্ৰায় ১০-১৫ মিনিট সময় মাক্স হিচাপে লগালে সুফল পাব পাৰি ৷লগতে শুকান,ৰুক্ষ ছালৰ কাৰণে আপুনি মুলটানি মাটিৰ লগত নেমুৰ ৰস মিহলাই ছালত লগালে সুফল পাব ৷ গতিকে মুলটানি মাটিয়ে ছালৰ মৃত কোষ সমূহ আঁতৰাই আপোনাৰ ছালখনক দিব এক বিশেষ সুন্দৰতা ৷

মুলটানি মাটি যে কেৱল ছালৰ কাৰণে উপযোগী এনে নহয় ৷ছালৰ সমপৰিমানে ছুলিৰ কাৰণেও যথেষ্ট উপযোগী মুলটানি মাটি ৷ মুলটানি মাটিৰ লগতে দৈ,নেমু আৰু আমলখিৰ ৰসৰ মিহলাই লগালে ছুলিৰ যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব আপুনি ৷

গতিকে আপুনি ব্যৱহাৰ কৰক আমাৰ আইতা বৰমা সকলে ব্যৱহাৰ কৰা মূলটানি মাটি ৷আৰু জিলিকি থাকক সকলৰোৰে মাজত ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com