ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত ৰাজ্যৰ অন্য জনগোষ্ঠী সমূহৰ লগত হব পৰা বিভেদ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক অধ্যক্ষ হিচাপে লৈ এখন মন্ত্ৰীৰ সমিতি গঠন কৰি দিছে। এই সমিতিখনে অসমৰ আন জনগোষ্ঠীৰ লগত নতুনকৈ এচটি মৰ্য্যদা প্ৰদান কৰিব বিচৰা ছয় জনগোষ্ঠীৰ এচটি মৰ্য্যদাৰ বিভিন্ন সংশোধনী সমূহ পৰ্য্যালোচনা কৰিব। চন্দন ব্ৰহ্মক সমিতিখনৰ আহ্বায়ক হিচাপে নিৰ্বাচন কৰা হৈছে। নতুন দিল্লীত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সমন্বিতে এটা সজাতি দলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰসংগ আৰু জনজাতিকৰণ সংশোধনী বিধেয়ক সন্দৰ্ভত বিভিন্ন দিশ আলোচনা কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে হোৱা বৈধকৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গৃহমন্ত্ৰী ৰাজনাথ সিঙে আমাক সকলো ধৰণৰ কাৰ্যপন্থা ৰাজ্যৰ মংগল হোৱাকৈ লবলৈ আহ্বান জনাইছে আৰু বাকী থকা অংশ কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পন কৰাৰ কথা কৈছে। আমাৰ অসমত বিটিচি চুক্তি, ৰাভা হাচং শ্বায়ত্ত শাসিত পৰিষদ, মিচিং শ্বায়ত্ত শাসিত পৰিষদ আছে। অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ বাবে প্ৰযোজ্য আইনখনৰ লগত এই চুক্তি সমূহ সুসংগত নহয়, আমি এচটি বিধেয়কৰ অনুসাৰে এই চুক্তি সমূহক সংহত ৰূপ প্ৰদান কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসমত প্ৰযোজ্য হৈ থকা কিছুমান চুক্তিৰ সংশোধনী কৰিব লাগিব আৰু ইয়াৰ পিছৰ পৰ্য্যায়ত এই সম্পৰ্কে সিদ্ধান্ত লোৱাৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওচৰত বিষয়টো হস্তান্তৰ কৰিব লাগিব।

অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ ফলত ইয়াত পূৰ্বৰে পৰা জনজাতি মৰ্য্যদা প্ৰাপ্ত সম্প্ৰদায়ে নিজৰ অধিকাৰৰ প্ৰসংগত শংকাত ভূগিছে।ইয়াৰ উপৰিও কিছু কিছু জনগোষ্ঠীয় অধ্যুষিত অঞ্চলত নতুনকৈ জনজাতিকৰণ কৰিবলৈ লোৱা ছয় জনগষ্ঠীয় লোকৰ উপস্থিতিক ৰাজনৈতিক সমীকৰণ সলনি হৈ যাব। অসমৰ কিছু দল সংগঠন যেনে সদৌ অসম ট্ৰাইবেল সংঘ, অসম ট্ৰাইবেল সংগঠন সমন্বয় সমিতি আদিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে। অসমৰ টাই আহোম, কোচ ৰাজবংশী, চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ ৩৫ টা গোটক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com