জন্ম দিনৰ বহুত শুভকামনা বলীউডৰ কুইন কংগনা ৰানাউটলৈ

জন্ম দিনৰ বহুত শুভকামনা বলীউডৰ কুইন কংগনা ৰানাউটলৈ

আজি কংগনা ৰানাউটৰ জন্ম দিন ৷ ১৯৮৭ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২৩ মাৰ্চত জন্ম গ্ৰহণ কৰিছিল হিমাচল প্ৰদেশত জন্ম গ্ৰহণ কৰিছিল কংগনা ৰানাউটে। কংগনাৰ মাতৃ আশা ৰানাউট হৈছে এগৰাকী শিক্ষয়ত্ৰী আৰু পিতৃ অমৰদ্বীপ ৰানাউট এজন ব্যৱসায়ী ৷ ভগ্নী ৰংগলী আৰু ভাতৃ অক্সিটৰ সৈতে সুখী পৰিয়াল কংগনা ৰানাউটৰ ৷ অভিভাৱকে সৰুৰে পৰা এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছিল যদিও কংগনাই এগৰাকী অভিনেত্ৰী, মডেল হিছাপে বলীউডত প্ৰতিষ্ঠা লাভ কৰে ৷

কংগনা ৰানাউট ১৬ বছৰ বয়সতে এগৰাকী মডেল হিচাপে প্ৰতিষ্ঠিত হ’বলৈ যাত্ৰা কৰে দিল্লীলৈ। অৰবিন্দ গৌৰৰ ওচৰত অলপ দিন প্ৰশিক্ষণ লোৱাৰ পিছত কংগনাই ২০০৬ চনত গেংষ্টাৰৰ জৰিয়তে বলীউডত ডেবিউ কৰে ৷ আৰু সেই ছবিখনৰ জৰিয়তে কংগনা ৰানাউটে ফিল্ম ফেয়াৰৰ সৰ্বশ্ৰেষ্ঠ ডেবিউ অভিনেত্ৰী হিচাপে পুৰস্কৃত হয় । ২০০৬'চনত ৱ লমহে আৰু ২০০৮ চনত "ফেশ্বন" ছবিৰ জৰিয়তে সৰ্বশ্ৰেষ্ঠ সহ অভিনেত্ৰী হিচাপে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে । কংগনাৰ “তন্নু ৱেডছ মন্নু”ছবি খনত কংগনাৰ অভিনয় পাহৰিব পৰা নাই চলচ্চিত্ৰ প্ৰেমীসকলে।

ইয়াৰ পিছতে,”তন্নু ৱেডছ মন্নু” ৰিটাৰ্নছত কংগনাৰ যি জীৱন্ত অভিনয় সেয়া সকলোৰে জ্ঞাত ৷ ইয়াৰোপৰি ছবিজগতৰ বহু কেইটা এৱাৰ্ডেৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কংগনাই ৰাষ্টীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ২০০৮ চনত কংগনাই “ফেশ্বন”ছবিখনৰ কাৰণে শ্ৰেষ্ঠ সহ শিল্পীৰ ৰাষ্ট্ৰীয় বটাঁ লাভ কৰে। ২০১৫ চনত মুক্তি লাভ কৰা তন্নু ৱেডছ মন্নু ৰিটাৰ্নছৰ কৰা সাৱলীল অভিনয়ৰ কাৰণে কংগনাই ফিল্ম ফেয়াৰ এৱাৰ্ডছ লাভ কৰে। কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷ বলীউডৰ অভিনেত্ৰী কংগনা কেৱল অভিনয় অথবা এটিটিউডৰ কাৰণে বিখ্যাত নহয় ৷ অভিনেত্ৰীগৰাকী ড্ৰেছিং ষ্টাইলৰ কাৰণেও সততে চৰ্চাত থাকে ৷ অভিনেত্ৰী গৰাকীয়ে এক অনুষ্ঠানত কয় যে মই প্ৰথমবাৰ বলীউডলৈ আহোঁতে মোক সকলোৱে ফেশ্বনৰ কাৰণে চৰ্চা কৰিছিল ৷ কাৰণ মই পাহাৰীয়া আছিলো ৷

কংগানৰ বলীউডৰ চৰ্চিত ছবি সমূহৰ ভিতৰত আছে ২০০৯ চনত মুক্তি পোৱা ৰাজ,২০১০ চনত মুক্তি লাভ কৰে ওৱানছ অ’পন এ টাইম ইন মুম্বাই ৷ ইয়াৰ পিছতেই আৰ মাধৱনৰ লগত ২০১১ চনত মুক্তি লাভ কৰে তেনু ৱেডৰ্ছ মন্নু ছবি খন ৷ ২০১৩ চনত আন এখন ছুপাৰহিট ছবি ক্ৰিছ ৩ মুক্তি লাভ কৰে ৷ কংগনাৰ কুইন ছবিখনৰ কাৰণে সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে ৷ সম্প্ৰতি কংগনাৰ মুক্তি পোৱা আন এখন ছবি হৈছে মণিকৰ্নিকা। বিভিন্ন সময়ত বিভিন্ন বিতৰ্কই আগুৰি ধৰিলেও কংগনা ৰানাউটে নিজৰ অভিনয় দক্ষতাৰ কাৰণে বলীউডত নিজক প্ৰতিস্থিত কৰিছে ৷সেয়েহে বলীউডত কুইন নামেৰে পৰিচিত কংগনা ৰানাউট ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com