জম্বু কাশ্মীৰৰ পুলোৱামাত ৪ সন্ত্ৰাসবাদী নিহত, ৩ নিৰাপত্তা ৰক্ষী আহত

জম্বু কাশ্মীৰৰ পুলোৱামাত ৪ সন্ত্ৰাসবাদী নিহত,  ৩ নিৰাপত্তা ৰক্ষী আহত

জম্বু কাশ্মীৰৰ পুলোৱামা জিলাত সন্ত্ৰাস বিৰোধী অভিযানত লস্কৰ-ই-তৈৱাৰ ৪ সন্ত্ৰাসবাদী নিহত হয় । নিৰাপত্তাৰক্ষী গুলীত নিহত হয় ৪ সন্ত্ৰাসবাদী। এই সংঘৰ্ষত ৩ জন নিৰাপত্তা ৰক্ষীও আহত হয় ।

শ্ৰী নগৰৰ প্ৰতিৰক্ষা বিষয়া ৰাজেছ কালিয়ায়ে পুলোৱামাৰ অভিযান কালত ৪ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ কথা প্ৰকাশ কৰিছে ।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে আহত নিৰাপত্তা ৰক্ষী কেইজনক বৰ্তমান হস্পিতাল ভৰ্তি কৰোৱা হৈছে, তেওঁলোকৰ অবস্থা বৰ্তমান চিন্তনীয় নহয় বুলি প্ৰকাশ কৰিছে ।

লাচীপৰা অঞ্চলত সন্ত্ৰাসবাদীৰ আত্মগোপণৰ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা ৰক্ষীয়ে গোটে নিশা সন্ত্ৰাস বিৰোধী অভিযান চলাই । নিৰাপত্তা ৰক্ষীৰ গুলীত আত্মগোপণ কৰি থকা ৪ সন্ত্ৰাসবাদীয়ে নিহত হয় । ঘটনাস্হলীৰ পৰা ৪ টা ৰাইফল আৰু গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

পুলোৱামা চহৰত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণত এজন নিৰাপত্তা ৰক্ষী আহত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলতোত সন্ত্ৰাস বিৰোধী অভিযান চলাই নিৰাপত্তা ৰক্ষীয়ে ।

পুলোৱামাত ১৪ ফেব্ৰুৱাৰীৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছত অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ সংখ্যা বৃদ্ধি কৰা হৈছে ।১৪ ফেব্ৰুৱাৰীত পুলোৱামা ত সংঘটিত বৰ্বৰ আক্ৰমণত ৪০ জনকৈ CRPF জোৱান শ্বহীদ হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com