জাতিতকৈ স্বাৰ্থ ডাঙৰ নহয় - মন্ত্ৰী কেশৱ মহন্ত

জাতিতকৈ স্বাৰ্থ ডাঙৰ নহয় - মন্ত্ৰী কেশৱ মহন্ত

চৰকাৰত থাকি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধীতা কৰাই অগপ দলৰ মূল লক্ষ্য, আমি চৰকাৰৰ বাহিৰে- ভিতৰে থাকি এই বিলৰ বিৰোধিতা কৰি যাম। যিদিনাই চৰকাৰে এই বিল গৃহীত কৰিব আমি অগপই সিদ্ধান্ত গ্ৰহণ কৰিছো সিদিনাই আমি চৰকাৰৰ পৰা ওলাই আহিম।অসম গণ পৰিষদ দল কেৱল জাতিৰ স্বাৰ্থতহে গঠিত হৈছে । জাতি ধ্বংস কৰা এই বিল অগপই কেতিয়াও সমৰ্থন নকৰে । জাতিত কৈ স্বাৰ্থ ডাঙৰ নহয় এই মন্তব্য জ্যেষ্ঠ অগপ নেতা তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ ।

আজি বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী আঞ্চলিক সমিতিৰ উদ্যোগত মাজ শিলপুখুৰী গৰলীয়া বজাৰ প্ৰাংগনত অনুষ্ঠিত হোৱা অসম গণ পৰিষদ বিশাল গণ সমাৱেশত উপস্থিত থাকি মন্ত্ৰী মহন্তই লগতে কয় যে, আঞ্চলিক দল হিচাপে অগপই বিভিন্ন সময়ত অসমৰ ৰাইজৰ কল্যাণৰ বাবে যুঁজি আহিছে । অগপ দলে সমাগত পঞ্চায়ত নিৰ্বাচন শক্তিশালী ৰূপত অকলেই প্ৰতিদ্বন্দিতা কৰিব আৰু জাতিক উদ্ধাৰৰ বাবে অগপৰ ভেটি মজবুত কৰিবলৈ ৰাইজক আহ্বান জনাই ।

অগপৰ বটদ্ৰৱা সমষ্টিৰ কমিটিৰ সভানেত্ৰী মামনি বৰাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত জেষ্ঠ্য অগপ নেতা তথা খাদ্য আৰু যোগান দপ্তৰৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত থাকি কংগ্ৰেছ, এ আই ইউ ডি এফ দলক ক্ষুধাৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছ দলে ৰাইজক কেৱল মাত্ৰ ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি উন্নয়ন হব বুলি কৈ বিগত পোন্ধৰ বছৰ শাসন কৰিলে কিন্তু উন্নয়নৰ কেৱল মাত্ৰ নিদিষ্ট পুঁজিপতি শ্ৰেণীৰ হে হৈছে । জনগণৰ একো উন্নয়ন হোৱা নাই । এ আই ইউ ডি এফ দলৰ কৰ্ম কৰ্তাই কেৱল মাত্ৰ নিৰ্বাচনৰ আগে আগে ৰাইজৰ কাষ চাপে। জাতিৰ উন্নয়ন বাবে অসম গণ পৰিষদ দলৰ বাহিৰে আন একো বিকল্প নাই ।

সভাত পৌৰোহিত্য কৰা বটদ্ৰৱা অগপৰ সভানেত্ৰী তথা অগপৰ কেন্দ্ৰীয় মহিলা পৰিষদৰ কাৰ্যকৰী সভানেত্ৰী মামনি বৰাই কয় যে ৰাষ্ট্ৰীয় দলৰ হাতত অসম আৰু অসমীয়াৰ স্বাৰ্থ কোনাধৰণে সুৰক্ষিত নহয় ৷ তাৰ বাবে আঞ্চলিক দলৰ বিকল্প নাই ৷ অগপই বটদ্ৰৱাত কোনো কাৰণতে বিজেপিৰ লগত মিত্ৰতা নকৰে বুলিও তেওঁ স্পষ্ট কৰি দিয়ে ৷ অগপৰ বটদ্ৰৱা সমষ্টি কমিটিৰ সম্পাদক চন্দ্ৰ মোহন বৰাই আতঁ ধৰা সভাখনত অসম যুৱ পৰিষদৰ নগাঁও জিলাৰ সম্পাদক ৰঞ্জন বৰা উপস্থিত থাকি বক্তব্য ৰাখে। আনহাতে, বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাওঁ পঞ্চায়তৰ কংগ্ৰেছ, এ আই ইউ ডি এফ দলৰ সহস্ৰাধিক কৰ্মীয়ে আজি অগপ ত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com