জীৱনত সফলতাৰে আগবাঢ়ি যাওকঃ তাৰ আগতে পঢ়ক আমাৰ এই বিধি

জীৱনত সফলতাৰে আগবাঢ়ি যাওকঃ তাৰ আগতে পঢ়ক আমাৰ এই বিধি

আমি আমাৰ জীৱনটোক ইতিবাচক চিন্তা ধাৰাৰে আগুৱাই নিবলৈ সততে প্ৰচেষ্টা অব্যাহত ৰাখো ৷ আৰু এই প্ৰচেষ্টা কেতিয়াবা বাস্তৱত ৰূপায়িত হয়,কেতিয়াবা নহয় ৷ আমাৰ জীৱনত কিছুমান অভ্যাসে আমাক সফলতাৰ শিখৰৰ পৰা নমাই আনে আৰু কিছুমান অভ্যাস ত্যাগ কৰিলে সফলতাৰ শিখৰত আৰোহন কৰিব পাৰোঁ। কেতিয়াবা ভাল অভ্যাসসমূহে আমাৰ সাধাৰণ জীৱনটো অসাধাৰণলৈ পৰিণত কৰে ৷ বদ অভ্যাস যেতিয়া আমি পৰিত্যাগ কৰোঁ,তেতিয়া কষ্ট হ’য় ৷কিন্তু যিয়েই বদ অভ্যাস ত্যাগ কৰি ভাল অভ্যাসৰ জৰিয়তে জীৱনত ধৈৰ্য্য ধৰি আগুৱাই যায়, সেই জনেই সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰে। কাৰণ যেনেকৈ এটোপ দুটোপকৈহে এখন নদী,উপনদী বা সাগৰ ভৰি পৰে,ঠিক তেনেকৈ আমাৰ জীৱনত বদ অভ্যাস সমূহ ত্যাগ কৰি ভাল অভ্যাস আহৰণ কৰিবলৈ সময় লাগিব ৷ একে দিনাই আমি জীৱনৰ সকলো ইতিবাচক দিশ সামৰি সফলতাৰ জখলাত বগাব নোৱাৰোঁ ৷

এষাৰ কথা আছে যে আমি আমাৰ ভৱিষ্যতক পৰিৱৰ্তন কৰিব নোৱাৰোঁ৷কিন্তু আমি আমাৰ অভ্যাসক সলনি কৰিব পাৰোঁ আৰু সেই অভ্যাস বা ইতিবাচক দিশ সমূহে আমাৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব পাৰে ।আমাৰ জীৱনত কিছুমান বদ অভ্যাসে জীৱনটোক অসন্তুলিত কৰি তোলে ৷আমাৰ লক্ষ্যক পথভষ্ট কৰে ৷তাৰ বিপৰীতে ভাল অভ্যাস সমূহে আমাক জীৱনটোক সন্তুলিত ৰূপত ৰাখে ৷আমি যেতিয়া সমাজত প্ৰতিষ্ঠিত লোকসকলৰ জীৱনৰ ওপৰত চকু ফুৰাওঁ,তেন্তে প্ৰত্যক্ষ কৰোঁ যে সেই লোকসকলে তেওঁলোকৰ দিনপঞ্জীত কিছুমান ভাল অভ্যাসক অন্তৰ্ভূক্ত কৰিছে ৷ গতিকে আপুনিও আপোনাৰ দৈনিক সূচীত অন্তৰ্ভূক্ত কৰক কিছুমান ভাল অভ্যাসক ৷

জীৱনত সফলতা কাকনো নালাগে ৷কিন্তু সফলতাৰ জখলা সকলোৱে আৰোহন কৰিব নোৱাৰে । কিন্তু মনত ৰাখিব লগা কথা এইয়ে যে অসফলতায়ে সফলতাৰ মূলমন্ত্ৰ ৷ জীৱনত অসফলতাতকৈ ডাঙৰ শিক্ষক একোৱেই নাই ৷ কাৰণ যেতিয়ালৈকে আমি জীৱনত অসফলতা লাভ নকৰোঁ,তেতিয়ালৈকে আমি সফলতাৰ প্ৰকৃত সোৱাদ লাভ কৰিব নোৱাৰিম।গতিকে, অসফলতাই আমাৰ অহংকাৰ,নেতিবাচক দিশসমূহ আঁতৰ কৰি সফলতাৰে আগবাঢ়ি যাবলৈ পথ প্ৰশস্ত কৰি তোলে ৷

জীৱনত সফলতাৰে আগবাঢ়ি যাবলৈ লাগিব নিজৰ ওপৰত সম্পূৰ্ন বিশ্বাস ৷ যদি জীৱনত আমি কিবা নতুন পদক্ষেপ ল’বলৈ যাওঁ বা প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ ৷তেতিয়া আমি সেই পদক্ষেপক বা প্ৰত্যাহ্বানক অতিক্ৰম কৰি পাৰিম বুলি আগবাঢ়ি যাবলৈ নিজৰ ওপৰত বিশ্বাস লাগিব ৷তেতিয়াহে আমি আমাৰ লক্ষ্য ওপৰত কৰা বিশ্বাসে জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব ৷

সদায় ইতিবাচক দৃষ্টিভংগীয়ে আগবাঢ়ি যোৱাত সহায় কৰে ৷ আমি যেতিয়া ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাত এজন মানুহৰ লগত থাকোঁ,তেতিয়া সেই মানুহ জনৰ ইতিবাচক দিশসমূহে আমাৰ ওপৰতো প্ৰভাৱ পেলায় ৷ সকৰাত্মকভাৱে শাৰিৰীক,মানসিক, ভাৱনাত্মক সকলো দিশতে প্ৰভাৱ পেলায়। লগতে আত্ম বিশ্বাস,সাহস,আন্তৰিক শক্তি সকলো দিশতে সকৰাত্মক ভাৱে প্ৰভাৱ পেলায় জীৱনত বিভিন্ন ক্ষেত্ৰত সহায় কৰিব ।

অন্যহাতে সফলতা অন্যতম মাপকাঠি হৈছে সুস্বাস্থ্য। কাৰণ আমাৰ শৰীৰটো যদি শক্তিশালী নহয় বা আমি যদি সু স্বাস্থ্যৰ অধিকাৰী নহওঁ,তেন্তে আমাৰ মগজুৰ ওপৰতো এই স্বাস্থ্যই প্ৰভাৱ পেলাই ৷সু স্বাস্থ্যই আমাক মন প্ৰফুল্লিত কৰি ৰাখে ৷গতিকে আমি পুষ্টিকৰ খাদ্যৰ লগতে শৰীৰৰ কাৰণিে উপযোগী জীৱন শৈলীৰ ওপৰত মনোনিবেশ কৰিব লাগে ৷

উল্লেখ যে আত্ম প্ৰেৰণা হৈছে জীৱনৰ বিভিন্ন পৰিস্থিতিক হেলাঙৰে অতিক্ৰম কৰাত অন্যতম গুণ ৷আমি নিজকে যিমান প্ৰেৰণা দিম,সিমানেই আমি সফলতাৰ কাষ চাপি যাম ৷ইফালে আমি যেতিয়া প্ৰেৰণা পাওঁ ,তেতিয়া আমি আমাৰ লক্ষ্য উপনীত হ’বলৈ অধিক আগ্ৰহী হৈ পৰোঁ। গতিকে,এই আত্ম প্ৰেৰণা দ্বাৰা আগবাঢ়ি যাওঁক আৰু মনৰ জোখাৰে সুখী হওঁক।

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com