জুলীয়া-অনুস্কাৰ সাদৃশ্যৰ প্ৰসংগত কি উত্তৰ দিলে অনুস্কা শৰ্মাই

জুলীয়া-অনুস্কাৰ সাদৃশ্যৰ প্ৰসংগত কি উত্তৰ দিলে অনুস্কা শৰ্মাই

পাশ্চাত্যৰ এগৰাকী প্ৰসিদ্ধ গায়িকা জুলীয়া মাইকেল্সে বিগত সময়ত বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাৰ সৈতে এখন ফ’টো শ্বেয়াৰ কৰিছিল টুইটাৰত ৷আৰু ইয়াৰ পিছতেই তীব্ৰ গতিত ভাইৰেল হৈ পৰে জুলীয়া মাইকেল্সৰ অনুষ্কা শৰ্মাক লৈ কৰা টুইটটো ৷ তীব্ৰ গতিত ভাইৰেল হৈ পৰা টুইটটোৱে এইবাৰ দৃষ্টি আকৰ্ষণ কৰিলে অনুষ্কা শৰ্মাক ৷ জুলীয়া মাইকেল্সে টুইট কৰিছিল যে" Hi Anushka Sharma,apparently we are twins lol" ৷ এই উত্তৰত অনুষ্কাৰ উত্তৰ OMG Yes! I have been looking for you and the remaining 5 of our dopplegangers all my life.

https://twitter.com/AnushkaSharma/status/1092802826298904577

ইয়াৰ পিছতেই জুলীয়াই কি প্ৰতিক্ৰিয়া দিলে চাওঁ আহক।

https://twitter.com/juliamichaels/status/1092881314582224897

ইয়াৰ পিছতেই জুলীয়া-অনুষ্কাৰ সাদৃশ্যক লৈ বিভিন্ন জনৰ প্ৰতিক্ৰিয়া এনেধৰণৰ

https://twitter.com/ichbin009/status/1092882878269194242

https://twitter.com/sangeetdeshmukh/status/1092900838035476480

আমোদ জনক কথা যে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যত প্ৰশ্নৰ সন্মুখীন হৈছছিল অনুষ্কাৰ শৰ্মাৰ স্বামী ক্ৰিকেটাৰ বিৰাট কোহলী ৷ কোনোৱে আকৌ বিৰাট কোহলীলৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ পিছত অনুষ্কাই নিজৰ নাম পৰিৱৰ্তন কৰিলে নেকি বুলিও প্ৰশ্ন কৰে ৷ উল্লেখ্য যে বলীউডত নিজৰ সাৱলীল অভিনয়েৰে,নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অনুষ্কা শৰ্মাই শেহতীয়াকৈ পিপুল্স ফৰ এথিকেল ট্ৰিটমেন্ট অফ এনিমেলছ(PETA)ৰ ৱেবচাইটৰ ভোটৰ অনুসৰি India's Hottest Vegetarians ৰ খিতাপ লাভ কৰে৷অৱশ্যে ২০১৫ চনত অনুষ্কাই এই খিতাপ লাভ কৰিছিল ৷

উল্লেখ্য যে,দুবাৰকৈ এই খিতাপ লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মা ৷২০১৭ চনত পেটা ইণ্ডিয়াৰ পাৰ্চন অৱ দ্য ইয়েৰ খ্যাত অনুষ্কা শৰ্মাই পেটা ইণ্ডিয়াৰ কাৰণে এক বিজ্ঞাপনত অংশ লয় ৷ আৰু ঘোষণা কৰে যে "I Am Anushka Sharma,I'm a Vegetarian"৷ইফালে অনুষ্কা শৰ্মাই জীৱ জন্তুসমূহৰ কাৰণে সততে বিভিন্ন পদক্ষেপ লৈ থকা কথাই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে জীৱ জন্তু সুৰক্ষিত কৰিবৰ কাৰণে মুম্বাইৰ এক অঞ্চলত পশুৰ আশ্ৰয় গৃহ মুকলি কৰাৰ কাৰণে এক পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে অনুষ্কাই।

লগতে জীৱ জন্তুসমূহৰ সুৰক্ষা কৰিবৰ কাৰণে বিভিন্ন জাগৰণ সম্বন্ধীয় প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে অনুষ্কাই ৷ উল্লেখ্য যে অভিনেত্ৰী অনুষ্কা শৰ্মাই নিৰামীষ আহাৰ খোৱাৰ ক্ষেত্ৰত কয় যে নিৰামীষ আহাৰ কোৱাৰ সিদ্ধান্তটো আছিল মোৰ জীৱনৰ আটাইতকৈ উচিত নিৰ্ণয় ৷ মই নিজেই বহুত স্বাস্থ্যবান অনুভৱ কৰোঁ ৷লগতে মোৰ খাদ্যৰ কাৰণে কোনো জীৱই আঘাত নোপোৱাটো মোৰ কাৰণ বহুত সুখৰ কথা ৷

সম্প্ৰতি অভিনেত্ৰী গৰাকী নিজৰ গতানুগতিক কৰ্মসূচীলৈ উভতি আহিছে ৷ সততে চৰ্চাত থকা বলীউডৰ এই যুটিটোৱে তেওঁলোকৰ সুন্দৰ ফ’টোসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ সম্প্ৰতি,এই ফ’টোসমূহৰ জৰিয়তে বহু কথা শিকিব পাৰিছে বিৰাট অনুষ্কাৰ অনুৰাগীসকলে ৷ ইফালে,অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ আৰু ফ’টো শ্বেয়াৰ কৰিছে ৷অৱশ্যে,সততে দেখা যায় যে বি টাউনৰ চেলীব্ৰেটীসকলৰ এটা ভিডিঅ’ বা ফ’টো ভাইৰেল হ’বলৈ বেছি সময় নালাগে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com