টেষ্ট ৰেংকিঙত উত্তোৰণ ঘটিল পূজাৰা আৰু বুমৰাহৰ

টেষ্ট ৰেংকিঙত উত্তোৰণ ঘটিল পূজাৰা আৰু বুমৰাহৰ

সদ্য ঘোষিত আই চি চি টেষ্ট ৰেংকিঙত উত্তৰোণ ঘটিছে ভাৰতীয় টেষ্ট বেটছমেন চেতেশ্বৰ পূজাৰাৰ আৰু ফাষ্ট বলাৰ জাচপ্ৰীত বুমৰাহৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম টেষ্টত ১২৩ ৰাণ আৰু ৭১ ৰাণৰ দুটা ইনিংছ খেলি ভাৰতৰ জয়ত নিৰ্ণায়ক ভূমিকা লোৱাৰ সুবাদতে জো ৰুট আৰু ডেভিদ ৱাৰ্ণাৰক পিছ পেলাই চতুৰ্থ স্থানত উপনীত হৈছে পূজাৰাই।

আনহাতে অষ্ট্ৰেলিয়াৰ বিপক্ষে প্ৰথম টেষ্টত ৬ টা উইকেট দখল কৰা জাচপ্ৰীত বুমৰাহে টেষ্ট কেৰিয়াৰৰ সৰ্বোচ্চ ৩৩ নং স্থানত উপনীত হৈছে।ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টেষ্ট ৰেংকিঙৰ প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে। আনহাতে পাকিস্তানৰ বিৰুদ্ধে দৰ্শনীয় প্ৰদৰ্শন আগবঢ়োৱা নিউজিলেণ্ডৰ বেটছমেন কেন উইলিয়ামছনে অষ্ট্ৰেলিয়াৰ সদ্য নিলম্বিত অধিনায়ক ষ্টিভ স্মিথক অতিক্ৰম কৰি দ্বিতীয় স্থান দখল কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com