ড° হীৰেন গোহাঁইৰ বিৰুদ্ধে অনা দেশদ্ৰোহীতা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাৰ

ড° হীৰেন গোহাঁইৰ বিৰুদ্ধে অনা দেশদ্ৰোহীতা গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবী অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাৰ

সম্প্ৰতি ৰাজ্য জুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিল কৰাৰ কাৰণে প্ৰতিবাদ ৷ বিভিন্ন জনসাধাৰণ,দল সংগঠন, শিল্পী সমাজ তথা বুদ্ধিজীৱীসকলে এই বিতৰ্কিত বিধেয়কখন বাতিল কৰিবৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷এই সময়তে বিশিষ্ট বুদ্ধিজীৱি ড° হীৰেণ গোঁহাইৰ (Hiren Gohain) বিৰুদ্ধে গোচৰ প্ৰত্যাহাৰ কৰাৰ দাবীত নগাঁও কলেজ চাৰিআলিত অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাই প্ৰতিবাদ সাব্যস্ত কৰে । লগতে বিশিষ্ট সাহিত্যিক ড° জ্যোতিৰ্ময় জানা, বিশিষ্ট ভূতত্ববিদ ড° মাণিক কৰ, অধ্যাপক বলীন শইকীয়া, অধ্যাপক অমৰেন্দ্ৰ শৰ্মাৰ নেতৃত্বত অৰ্ধশতাধিক অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকে স্যবস্ত কৰিছে ৷

ইফালে, বৃহস্পতিবাৰে প্ৰখ্যাত বুদ্ধিজীৱী হীৰেন গোহাঁইৰ বিৰুদ্ধে লতাশিল থানাত দেশদ্ৰোহিতাৰ গোচৰ ৰজু কৰিলে আৰক্ষীয়ে৷নাগৰিক সমাজৰ প্ৰতিবাদত কৰা মন্তব্যৰ কাৰণে দেশদ্ৰোহিতাৰ গোচৰ তৰে আৰক্ষীয়ে৷ হীৰেন গোহাঁইৰ মন্তব্য কৰিছিল যে,অসম বিভিন্ন আন্দোললৰ সন্মুখীন হৈ আছে৷যাৰ কাৰণে অসমৰ উন্নয়ন স্থবিৰ হৈ আছে ৷এটাৰ পাছত আনটোত বিপৰ্যয় অসমক বিভ্ৰান্ত কৰিছে৷আমি যে ধৰ্মনিৰপেক্ষতাৰ কথা কৈছো ৷সেই ধৰ্মনিৰপেক্ষতা সংবিধানৰ প্ৰতিশ্ৰুতি৷এই ধৰ্ম নিৰপেক্ষতা যি চৰকাৰে উলংঘা কৰিব৷আমি সেই চৰকাৰৰ নিপাত যোৱাটো বিচাৰোঁ৷ ইফালে হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ অনাৰ পিছতে বিভিন্ন দল সংগঠন,বুদ্ধিজীৱীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

অন্যহাতে,ড° হীৰেন গোহাঁইক বিৰুদ্ধে দিয়া দেশদ্ৰোহীতাৰ গোচৰৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বত্ৰে । বিভিন্ন দল সংগঠন ছাত্ৰ সমাজ সকলোৱে একত্ৰিত হৈ বিতৰ্কিত বিধেয়ক খনৰ সন্দৰ্ভত ৰাজপথ উত্তাল কৰিছে ৷ লগতে ড° হীৰেন গোহাঁইৰ বিৰুদ্ধে অনা এই গোচৰক সকলো তীব্ৰ গৰিহনা দিয়াৰ লগতে বিতৰ্কিত বিধেয়কখন বাতিল কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷অৱশ্যে সম্প্ৰতি গুৱাহাটী উচ্চ ন্যায়ালয়ে ড° হীৰেন গোহাঁইক জামিন মঞ্জুৰ কৰে ৷ লগতে অন্তৱৰ্তী কালীন জামিনৰ পৰৱৰ্তী শুনানি আৰু ৰায় পুনৰ ২২ জানুৱাৰীত হ’ব৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com