ঢেকিয়াজুলিৰ বিজেপিৰ বৈঠকত পল্লব লোচন দাসৰ মন্তব্য -" বিজেপি চৰকাৰে উন্নয়নৰ বাবে কাম কৰিছে "

ঢেকিয়াজুলিৰ  বিজেপিৰ বৈঠকত  পল্লব লোচন দাসৰ মন্তব্য -" বিজেপি চৰকাৰে উন্নয়নৰ বাবে কাম কৰিছে "

তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লব লোচন দাসে বৃহস্পতি বাৰে ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভবনত অনুষ্ঠিত বিজেপিৰ এক বৈঠকত অংশগ্ৰহন কৰে । বৈঠকত অংশগ্ৰহন কৰি পল্লব লোচন দাসে মন্তব্য কৰে যে তেজপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ তেজপুৰৰ লোকসভা সমষ্টি ৰ লোকৰ লগত কোনো সম্পৰ্ক নাই ।

লগতে তেওঁ প্ৰকাশ কৰে যে বিজেপিৰ যি মিচন " sabka saath, sabka Vikas" সেয়া প্ৰতিফলিত হৈছে দেশৰ উন্নয়নত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ উন্নয়নৰ হকে কাম কৰি গৈছে । ঢেকিয়াজুলিত অনুষ্ঠিত বিজেপিৰ এই বৈঠকত প্ৰায় ৩০০ দলীয় কৰ্মী উপস্থিত আছিল । ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংহাল, তেজপুৰ জিলা কমিটিৰ উপ সভাপতি ৰাতুল নাথ , বৰচলাৰ বিধায়ক গনেশ লিম্বু আৰু বিজেপিৰ ৰাজ্যিক সদস্য বাতাস ওৰাং উপস্থিত আছিল এই বৈঠকত ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com