তিনিচুকীয়াৰ জি এন বি পথ আৰু এ টি ৰোডৰ শোচনীয় অৱস্থাত অতিষ্ঠ যাত্ৰী

তিনিচুকীয়াৰ জি এন বি পথ আৰু এ টি ৰোডৰ শোচনীয় অৱস্থাত অতিষ্ঠ যাত্ৰী

তিনিচুকীয়াৰ (Tinsukia) জি এন বি পথ আৰু এ টি ৰোডৰ শোচনীয় অৱস্থাত সম্প্ৰতি অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল ৷ আৰু যাত্ৰীসকলৰ কাৰণে পথটো দিনক দিনে দুৰ্ঘটনা পূৰ্ণ হৈ পৰিছে ৷ অৱশ্যে,জি এন বি পথটো পি ডব্লিউ ডিত অন্তৰ্ভূক্ত হৈ আছে ৷

এই সন্দৰ্ভত কাৰ্যকৰী অভিযন্ত্ৰা দিগন্ত গগৈয়ে সংবাদদাতাৰ সন্মুখত কয় যে তেওঁক বিভাগে পথটোৰ সন্দৰ্ভে কয় যে পথটোৰ কাম ’বিউটিফিকেশ্যন প্ৰজেক্ট’ ৰ আধাৰত হ’ব ৷ সেয়েহে তেওঁ এই পথটোৰ কাম টি এম বি লৈ হস্তান্তৰ কৰে ৷ কিন্তু পৰিতাপৰ কথা যে দিনক দিনে ২ কিলোমিটাৰ পথৰ অৱস্থা অত্যন্ত শোচনীয় হৈ গৈছে ৷

সদ্যদতে তিনিচুকীয়া জিলাৰ সংবাদকৰ্মীসকলৰ এটি বিশেষ দলে তিনিচুকীয়া মিউনিচিপাল বৰ্ডৰ বিষয়া গুৰনেল সিঙক সাক্ষাৎ কৰি পথটোৰ সম্পৰ্কে আলোচনা কৰি অনতি পলমে পথটোৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ আহ্বান কৰে ৷

এই ক্ষেত্ৰত গুৰনেল সিঙে সংবাদদাতাসকলক আশ্বাস দিয়ে যে এই ক্ষেত্ৰত অতি শীঘ্ৰেই ব্যৱস্থা লোৱা হ’ব । কিন্তু,ইতিমধ্যে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে যদিও এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com