দক্ষিণ পূব এছিয়াৰ আৰ্থিক কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব গুৱাহাটীক: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

দক্ষিণ পূব এছিয়াৰ আৰ্থিক কেন্দ্ৰ হিচাপে  গঢ়ি তোলা হ’ব গুৱাহাটীক: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

গুৱাহাটী নিৰ্বাচন ক্ষেত্ৰৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাৰ সমৰ্থনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে(Sarbananda Sonowal) এক বিশাল ৰেলীত অংশ লয় ৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সোনোৱালে ফেন্সী বাজাৰ,সোনাপুৰ,বকো আৰু গৰৈমাৰীত এক ৰেলীৰ বৈঠকত ভাগ লয় ।

এখন ৰেলীত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত দক্ষিণ পূব এছিয়াৰ আৰ্থিক কেন্দ্ৰৰ ৰূপত গুৱাহাটী বিকাশৰ পথত আগবাঢ়িছে ৷ গুৱাহাটীক আৰ্থিক দিশত আগবঢ়াই নিবৰ কাৰণে যাৱতীয় কাৰ্য কৰি থকা হৈছে ৷

লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে গুৱাহাটীক দক্ষিণ পূব এছিয়াৰ স্মাট চিটী হিচাপে গঢ়ি তুলিবৰ কাৰণে প্ৰধানমন্ত্ৰী মোডীয়ে পদক্ষেপ গ্ৰহণ কৰিছে ৷ সেয়েহে বিজেপি দলক ভোটদিবৰ কাৰণে জনসাধাৰণক আহ্বান কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com