দেশত বিমুদ্ৰাকৰনৰ ফলত ৫০ লাখ লোকে চাকৰি হেৰুৱাইছে

দেশত বিমুদ্ৰাকৰনৰ ফলত  ৫০ লাখ  লোকে চাকৰি হেৰুৱাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমুদ্ৰাকৰন ঘোষণা কৰাৰ পাছত ২০১৬-১৮ চনৰ ভিতৰত প্ৰায় ৫০ লাখ লোকে চাকৰি হেৰুৱাব লগা হৈছে ।

আজিম প্ৰেমজি বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ৰিপোৰ্টত এই তথ্য পোহৰলৈ আহিছে । ২০১৯ ত চাকৰিৰ ওপৰত চলোৱা এক সমীক্ষাত এই কথা পোহৰলৈ আহিছে । অধিক সংখ্যক নিবনুৱাই দেশৰ যুৱ প্ৰজন্ম।

মংগলবাৰে এই তথ্য প্ৰকাশ কৰে। তথ্যৰ ভিত্তিত মহিলা সকল পুৰুষতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে । গ্ৰাম্যাঞ্চলৰ মহিলা সকল অধিক ক্ষতিগ্ৰস্ত হৈছে । ১০ শতাংশ মহিলাই স্নাতকোত্তৰ আৰু ৩৪ শতাংশ মহিলাই নিবনুৱা ।

তথ্যত প্ৰকাশ কৰা হৈছে যে নিবনুৱাৰ অন্যতম কাৰণ হৈছে বিমুদ্ৰাকৰন । লগতে নতুন নীতি প্ৰৱৰ্তন কৰিবলৈ আহ্বান জনাইছে । ২০-২৪ বছৰৰ যুৱচাম অধিক নিবনুৱা । ইয়াৰে ১৩.৫ শতাংশই কাম কৰা বয়ষৰ গাঁও অঞ্চলৰ পুৰুষ আৰু ৬০ শতাংশই নিবনুৱা বুলি প্ৰকাশ কৰে ৰিপোৰ্টত ।

ৰিপোৰ্টৰ মতে ২০১১ চনৰ পৰা নিবনুৱা সমস্যা বৃদ্ধি হৈছে আৰু ইয়াৰে অধিক উচ্চ শিক্ষিত । চৰকাৰী তথ্যত প্ৰকাশ পোৱা মতে ২০১৭-১৮ চনৰ ভিতৰত ৪৫ বছৰৰ ভিতৰত নিবনুৱা সমস্যা বৃদ্ধি হৈছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com