দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিত ৫০ জন প্ৰাৰ্থীৰ মাজত প্ৰতিদন্দ্বিতা

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিত ৫০ জন প্ৰাৰ্থীৰ মাজত প্ৰতিদন্দ্বিতা

১৮ এপ্ৰিলত অনুষ্ঠিত হব লগা দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিত ৫০ জন প্ৰাৰ্থীৰ প্ৰতিদন্দ্বিতাৰ হব । ৫ টা সমষ্টিৰ বাবে ৬০ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল । ৬০ জনৰ মনোনয়ন দাখিলৰ পাছত ২৭ মাৰ্চত পৰীক্ষণৰ সময়ত ৪ জনৰ মনোনয়ন বাতিল কৰা হয় আৰু শুকুৰবাৰে ৬ খন মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা হয় ।

১৮ এপ্ৰিলত অনুষ্ঠিত হব লগা দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫ টা লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰৰ পৰা ১৪ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা কৰিব আনহাতে শিলচৰত ১৩ জন প্ৰাৰ্থী, স্বায়ত্ত শাসিত পৰিষদ ডিফুৰ পৰা ৫ জন প্ৰাৰ্থী, মংগলদৈৰ পৰা ১১জন প্ৰাৰ্থী আৰু নগাঁওৰ পৰা ৭ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫ টা সমষ্টিৰ ৪ টা সমষ্টিত কংগ্ৰেছ আৰু অগপ -বিজেপিৰ মিত্ৰজোট চৰকাৰৰ আৰু অন্যান্য দলৰ প্ৰাৰ্থীৰ মাজতপ্ৰতিদন্দ্বিতা হব । আনহাতে কোকৰাঝাৰ সমষ্টিত বিপিএফ , কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ মাজত প্ৰতিদন্দ্বিতাৰ হব । শিলচৰত বৰ্তমানৰ সাংসদ কংগ্ৰেছৰ সুস্মিতা দে আৰু ৰাজদীপ ৰয়ৰ মাজত প্ৰতিদন্দ্বিতাৰ হব । আনহাতে স্বায়ত্ত শাসিত পৰিষদ ডিফুত কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ বীৰেন সিং ইংটি আৰু বিজেপিৰ হৰেন সিংবেৰ মাজত প্ৰতিদন্দ্বিতা হব । মংগলদৈত কংগ্ৰেছৰ ৰাজ্য সভাৰ সাংসদ ভূবেনশ্বৰ কলিতাৰ বিৰুদ্ধে বিজেপিৰ দিলিপ শইকীয়ায়ে প্ৰতিদন্দ্বিতা আগবঢ়াব ।মংগলদৈত UPPL পৰা প্ৰদিপ কুমাৰ দৈমাৰীয়ে প্ৰাৰ্থীত্ব প্ৰদান কৰিব । আনহাতে নগাঁও সমষ্টিৰ পৰা বিজেপিৰ হৈ ৰূপক শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ প্ৰদ্যুত বৰদলৈয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব । কৰিমগঞ্জত বিজেপিৰ কৃপানাথ মাল্লা, এ আই ইউ ডি এফৰ ৰাধেশ্যাম বিশ্বাস আৰু কংগ্ৰেছৰ স্বৰূপ দাসে প্ৰাৰ্থীত্ব আগবঢ়াব ।

অধিক খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com