ধেমাজিৰ এচএফএচ স্কুলত অভিভাৱক সন্মিলন পালন

যোৱা সোমবাৰে ধেমাজিৰ এচএফএচ স্কুলে পালন কৰে অভিভাৱক সন্মিলন । তেজপুৰৰ বিশপ ৰেবৰেণ্ড মাইকেল একাচিউচ সভা খনৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল । ধেমাজিৰ জিলা উপায়ুক্ত ৰশ্নি অপৰনজী আৰু জিলা খনৰ আৰক্ষী অধিক্ষক নিলেশ ত্ৰিব্বাক সভাখনৰ অতিথি হিচাপে উপস্থিত আছিল । এই অনুষ্ঠানৰ সময়তে বিদ্যালয় খনৰ এই বৰ্ষৰ "ৰেইনব'-২০১৮" বাৰ্ষিক পত্ৰিকা উন্মোচন কৰে ।

বিদ্যালয় খনৰ ১৮ জন ছাত্ৰ-ছাত্ৰীয়ে টাইকোৱাণ্ডোত ব্লেক ব্লেট পাবলৈ সক্ষম হোৱা সকলক সম্বৰ্ধনা জ্ঞাপন কৰে । সভা খনত এচএফএচৰ আঞ্চলিক সুপৰিয়ৰ,এচএফএচৰ অধ্যক্ষ ড° ইমানুল ম্যাপিলাপাৰাম্বি,নাৰেংগী ফ্ৰে জৰ্জ থমাস এবং জেলা বিভাগৰ বিভিন্ন বিভাগেৰ অধ্যক্ষ প্ৰধান শিক্ষক স্কুলৰ উপদেষ্টা বৰ্ডৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com