নগাঁৱৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নগাঁৱৰ নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) বুধবাৰে নগাঁৱৰ সংসদীয় সমষ্টিৰ প্ৰাৰ্থীৰ ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৷ প্ৰায় ১০ কিলোমিটাৰ পৰ্যন্ত হোৱা নিৰ্বাচনী ৰেলীটো নগাঁৱৰ পৰা ডিমাৰুগুৰিৰ পৰা শেনছোৱালৈ ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰত ভাগ লয় মন্ত্ৰী ড° শৰ্মাই।

মন্ত্ৰী ড° শৰ্মাৰ লগতে হাজাৰ হাজাৰ বিজেপি সমৰ্থকে গীত নৃত্যৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰত ভাগ লয় ৷ ইয়াৰ পূৰ্বে মন্ত্ৰী ড° শৰ্মাই ৰহাত এখন নিৰ্বাচনী ৰেলীত ভাগ লয় আৰু জনসাধাৰণক প্ৰাৰ্থী ৰূপক শৰ্মাক ভোট দিয়াৰ কাৰণে আহ্বান কৰে ৷

নিৰ্বাচনী ৰেলীৰ সময়ত মন্ত্ৰী ড° শৰ্মাৰ লগত মন্ত্ৰী পীয়ুষ হাজৰিকা,ৰুপক শৰ্মা,ডিম্বেশ্বৰ দাস,বিজেপিৰ বহমপুৰ সমষ্টিৰ প্ৰভাৰী জিতু গোস্বামী আৰু হাজাৰ হাজাৰ বিজেপি কৰ্মী উপস্থিত আছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com