নতুন বৰ্ষত আগবাঢ়ি যোৱাৰ কাৰণে আপুনি সংকল্প ল’লেনে ?

নতুন বৰ্ষত আগবাঢ়ি যোৱাৰ কাৰণে আপুনি সংকল্প ল’লেনে ?

ইতিমধ্যে নতুন বৰ্ষই দুটা দিন অতিবাহিত কৰিলে৷নতুন বৰ্ষটোত সকলোৱে জীৱনটোক নতুনকৈ অতিবাহিত কৰিবৰ কাৰণে নতুন কিছুমান সিদ্ধান্ত লয়,সংকল্প লয়৷এই ক্ষেত্ৰত আপুনি জীৱনটোক নতুন বৰ্ষত আগুৱাই নিবলৈ কি সংকল্প ল’লে ? নতুন বৰ্ষটোত জীৱনটোক ক্ষতি কৰা বদ অভ্যাস সমূহ এৰাই চলিবলৈ আপুনি সংকল্প ল’লেনে? কিন্তু ইয়াৰ বিপৰীতে আমি লোৱা এই সংকল্পসমূহ যে ১০০শতাংশই বাস্তৱত ৰূপায়িত কৰিব এনে নহয়। কিন্তু এটি নতুন দিনৰ আৰম্ভ হয়,নতুন চিন্তাৰ আৰম্ভণি হয়, এনেধৰণে লোৱা সংকল্পসমূহৰ জৰিয়তে৷ গতিকে জীৱনটোক আগুৱাই নিয়াত সহায় কৰিবলৈ চাওঁ আহক কেইটিমান বিশেষ টিপছ্ঃ

সপোন দেখা আৰু সেই সপোনক বাস্তৱত ৰূপায়িত কৰাঃ আমি সকলোৱে সপোন দেখিব লাগে, যি সপোনে আমাক শুবলৈ নিদিয়ে ৷ লগতে সেই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ লাগিব একাগ্ৰতা,সকৰাত্মক ভাৱ৷ কাৰণ ,সকৰাত্মকভাৱে সেই সপোনক বাস্তৱক ৰূপায়িত কৰাত সহায় কৰে । লগতে সদায় সকৰাত্মক বা পজিটিভ থাকিব লাগে ৷ নতুন কথা শিকা,নতুন কিতাপ অধ্যয়ন,নতুন ঠাই ফুৰা এইসমূহে নতুনকৈ চিন্তাধাৰা উদ্ভাৱন কৰে৷ লগতে সকৰাত্মক মানসিকতাৰে নিজকে সলনি কৰাৰ চেষ্টা কৰিব পাৰে ৷ নতুন নতুন বিষয়সমূহ আদৰি লোৱাৰ মানসিকতাও সকৰাত্মকভাৱ ধাৰায়ে আনে ৷জীৱনটোক আগবঢ়াই নিয়াৰ অন্য এটা উপায় হৈছে জীৱনটোৰ প্ৰতি দৃষ্টিভংগী সলনি কৰা ৷ বিগত বৰ্ষত কৰা বিভিন্ন কামৰ ক্ষেত্ৰত পোৱা ভাল বেয়া উপলব্ধিসমূহৰ কথা ভাবি আৰু অসফলতা সমূহ পাহৰি যাবলৈ চেষ্টা কৰিব লাগে। লগতে বিভিন্ন ক্ষেত্ৰত নিজৰ দৃষ্টিভংগীসমূহ সলনি কৰি জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে৷

ইফালে জীৱনত আগবাঢ়ি যাবলৈ বা সুখী হ’বলৈ নিজৰ ভূল স্বীকাৰ কৰাটো অত্যন্ত জৰুৰী৷ যিকোনো ক্ষেত্ৰত অন্য এজনৰ ওপৰত দোষ দিয়াৰ প্ৰাকমুহুৰ্তত নিজক সেই ঠাইত ৰাখি সম্পূৰ্ণ সত্য-সত্যতা জানিবলৈ চেষ্টা কৰিব লাগে । সম্প্ৰতি প্ৰযুক্তি বিদ্যাৰ যুগ ৷ প্ৰযুক্তি বিদ্যাৰ ধামখুমীতাত নিজক কেতিয়াও এৰিও দিব নালাগে বা সেই প্ৰযুক্তিবিদ্যাক উপেক্ষাও কৰিব নালাগে। নতুন প্ৰজন্মৰ ভাব তথা বিচাৰধাৰাক বিবেচনা কৰি সংকীৰ্ণতাক আঁতৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে ৷ যিকোনো কামত সফলতা লাভ কৰিবলৈ হ’লে চেষ্টা কৰিব লাগিবলৈ ৷কাৰণ চেষ্টাৰ অসাধ্য একো নাই ৷ভৱিষ্যতটোক উজ্জ্বল কৰিবৰ কাৰণে আমি বৰ্তমান সময়ত চেষ্টা কৰিবই লাগিব ৷ গতিকে চেষ্টা কৰক আৰু আগবাঢ়ি যাওঁক ৷ ব্যায়াম কৰা শৰীৰৰ কাৰণেই নহয় নিজৰ মনটোৰ কাৰণেও অত্যন্ত জৰুৰী ৷ কাৰণ সুস্থ সবল শৰীৰে সুন্দৰ মন এটা দিয়াটো সহায় কৰে ৷ গতিকে ঘৰতেই হওক বা জিমখানাতেই হওক প্ৰতিদিনে ব্যায়াম কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷

নিজৰ ইচ্ছা,আকাংক্ষাক বাস্তৱত ৰূপ দিব লাগে৷বৈজ্ঞানিক দৃষ্টিভংগীৰে নিজৰ শৰীৰটোক চাই পুষ্টিকৰ আহাৰ খোৱাৰ লগতে সুস্থ চিন্তা কৰিব লাগে ।ত্যাগ জীৱনৰ চৰম সুখ৷ জীৱনৰ কোনো মুহুৰ্তত নিৰ্দিষ্ট এটা বস্তুৰ ত্যাগে আপোনাক আশে পাশে আগুৰি থকা লোক সকলৰ লগত থকা সম্পৰ্কটো অধিক মজবুট কৰি তোলে ৷ লগতে আমি সৰুৰে পৰাই শিকি পঢ়ি আহিছো যে দুখীয়া অথবা আৰ্তজনক সহায় কৰিব লাগে ৷যদি আমি আৰ্থিকভাৱে সবল, তেতিয়া সহায়ৰ যাক প্ৰয়োজন তেখেতসকলক সহায় কৰিব লাগে ৷ এনে ধৰনৰ কাৰ্যই আমাক মানসিক শান্তি দিয়াত সহায় কৰিব। প্ৰকৃতিৰ সান্নিধ্যও আমাৰ মাজত অফুৰন্ত শক্তি যোগোৱাত সহায় কৰে ৷ প্ৰকৃতিয়ে আমাৰ জীৱনলৈ প্ৰশান্তি আনে৷গতিকে ব্যস্ততাৰ মাজতো অলপ সময় প্ৰকৃতিৰ লগত কটাব পাৰিলে ভাল ৷ এই সকলোবোৰৰ উপৰিও আমাৰ কাৰণে সকলোতকৈ প্ৰয়োজনীয় হৈছে পুষ্টিকৰ খাদ্য ৷ কাৰণ পুষ্টিকৰ,সন্তুলিত খাদ্যইহে সুস্থ সবল জীৱন লাভ কৰাত সহায় কৰে।

অধিক খবৰৰ বাবে পঢ়ক: বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com