নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম গণ পৰিষদৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম গণ পৰিষদৰ

শুক্ৰবাৰে শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত কৰা ব্যক্তব্য পিছতে অসম গণ পৰিষদ দল অৰ্থাৎ AGPয়েও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ ইফালে অসম গণ পৰিষদ দলে ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত যদি বিজেপি চৰকাৰে সহাঁৰি দিয়ে ৷ তেন্তে অগপই মিত্ৰতা ভংগ কৰিব বিজেপিৰ লগত ৷

অৱশ্যে দলটোৰ কিছুসংখ্যক নেতাৰ অনুসৰি অতি শীঘ্ৰেই শাসনাধিষ্ঠ দলটোৰ সৈতে মিত্ৰতা ভংগ কৰিব লাগে অগপই ৷ কিন্তু অগপই শেষ পৰ্যন্ত প্ৰতীক্ষা কৰিব ৷ শনিবাৰে এই মন্তব্য অগপৰ এজন শীৰ্ষ নেতাৰ ৷ লগতে শীৰ্ষ নেতাগৰাকীয়ে কয় যে অগপ দলটোৰ বহু যুৱ কৰ্মকৰ্তাসকলে মিত্ৰতা সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থকাৰ কাৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকৰ ভাষ্য অনুসৰি অগপই আৰু কিমান প্ৰতীক্ষা কৰিব ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো কাৰণতে মানি নলয়। অৱশ্যে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পিছতো অগপৰ নেতৃ বৰ্গই কোনো মন্তব্য দিয়া নাই ।

লগতে অগপৰ বৰিষ্ঠ নেতাগৰাকীয়ে কয় যে অগপই জনসাধাৰণৰ বিশ্বাস হেৰুৱাই পেলাব যদিহে বিজেপিৰ লগত মিত্ৰতা ভংগ নকৰে ৷উল্লেখ যে অসম গণ পৰিষদ আৰু বড়ো পিপল্স ফ্ৰন্ট অৰ্থাৎ BPF শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ সদস্য ৷ অৱশ্যে বিজেপি আৰু অগপৰ মাজত চলি থকা শীতল যুদ্ধখনে সততে শিৰোনামা দখল কৰে ৷ কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্যৰ শাসনাধিস্থ চৰকাৰখনে লোৱা স্থিতিৰ পিছতহে অগপই কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষ্যনীয় ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com