নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ৰাহুল গান্ধীক সাক্ষাৎ কৰাক লৈ হোৱা প্ৰতিক্ৰিয়াক কটাক্ষ লুৰিণ জ্যোতি গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত ৰাহুল গান্ধীক সাক্ষাৎ কৰাক লৈ হোৱা প্ৰতিক্ৰিয়াক কটাক্ষ লুৰিণ জ্যোতি গগৈৰ

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰে হোৱা এক সাক্ষাৎকাৰত লৈ,আছুক তীব্ৰ সমালোচনা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। তাৰ পিছতেই বৃহস্পতিবাৰে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে উচিত প্ৰত্যুত্তৰ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক।

দ্য চেন্টিনেলৰ লগত হোৱা এক সাক্ষাৎকাৰত আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাহুল গান্ধীৰ সৈতে হোৱা নাগৰিকত্ব সংশোধনী শীৰ্ষক বৈঠকখনৰ জৰিয়তে ৰাজনৈতিক অৰ্থ উলিয়াবলৈ চেষ্টা কৰিছে। সদৌ অসম ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলৰ অধীন নহয়। আৰু এই বিষয়তোৰ ওপৰত মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰাৰো কোনো যুক্তি নাই। লগতে আছু নেতা গৰাকীয়ে কয় যে,আমাৰ সংগঠনটোৱে কোনো দলৰে শ্ল’গান দিয়া নাই আৰু ভৱিষ্যতেও নিদিয়ে ৷ অসমীয়া ৰাইজ আৰু খিলঞ্জীয়া জনতাক অামি তাৰ উত্তৰ দিম।"

অসমৰ শীৰ্ষ ছাত্ৰ সংগঠনৰ নেতা লুৰিণ জ্যোতি গগৈয়ে উল্লেখ কৰে যে, "অসমীয়া জাতিৰ লাভৰ কাৰণে তথা শক্তিশালী ৰাজনৈতিক লবী তৈয়াৰ কৰিবৰ কাৰণে হেঁচা প্ৰয়োগ কৰিম। সৰ্ব ভাৰতীয় কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধীৰ লগত সদৌ অসম ছাত্ৰ সন্থাৰে হোৱা বৈঠক সন্দৰ্ভত লুৰিণ জ্যোতি গগৈয়ে স্পষ্ট ভাবে জনাই যে, নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত যাতে উত্থাপন নহয়,সেই সন্দৰ্ভে সুনিশ্চিত কৰিবলৈ কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাহুল গান্ধীৰ লগত হোৱা বৈঠকখনৰ মূল উদ্দেশ্য আছিল যে সংসদত যাতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধে কংগ্ৰেছে ভোট প্ৰদান কৰে। অামি অকল কংগ্ৰেছেই নহয়,সকলো শক্তিশালী ৰাজনৈতিক দল সংগঠনৰ লগতো সাক্ষাৎ কৰোঁ যিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি আহিছে। লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ সকলো একত্ৰিত হোৱাৰ কাৰণে এক লবী তৈয়াৰ কৰিবৰ কাৰণে সাক্ষাৎ কৰোঁ ৷আৰু এই ধৰণৰ বৈঠক তেতিয়ালৈকে থাকিব ,যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল নহয়।এই মন্তব্য লুৰিণ জ্যোতি গগৈৰ ৷

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী সোনোৱালক কটাক্ষ কৰি কয় যে, সৰ্বানন্দ সোনোৱালে আছুৰ শিপাডাল কেনেকৈ পাহৰিলে? তাতকৈ চমকপ্ৰদ যে বৰ্তমান তেওঁ বাংলাদেশী লোকক নাগৰিকত্ব প্ৰদান কৰিব খুজিছে যি সকলে ১৯৭১ চনৰ পিছত অসমলৈ আহিছিল। কিন্তু মুখ্যমন্ত্ৰী সোনোৱাল যেতিয়া আছুত আছিল,তেতিয়া বাংলাদেশীৰ বিৰুদ্ধে মাতি আহিছিল। এতিয়া অসমৰ জনতাই সোনোৱালৰ দুমুখীয়া নীতি দেখিবলৈ পাইছে।

তীক্ষ্ণ ভাৱে বিজেপিক আক্ৰমণ কৰি লুৰিণ জ্যোতি গগৈয়ে কয়, "কিছুমান বিজেপি নেতাই আছুৰ পতাকা ভৰিৰে গচকি মুখ্যমন্ত্ৰী সোনোৱালৰ মাতৃ স্বৰূপ আছুক অপমান কৰিছে। আৰু তেওঁৰ দলৰ নেতাই চৰম অপমান কৰি মাতৃক কলঙ্কিত কৰাৰ পিছতো তেওঁ অাজি মৌনতা অৱলম্বন কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com