নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া তেলেগু দেশম পাৰ্টিৰ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া তেলেগু দেশম পাৰ্টিৰ

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুয়ে মংগলবাৰে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধৰ সন্দৰ্ভত নিজৰ সমৰ্থন প্ৰকাশ কৰি কয় যে, এই বিধেয়কখন অসম আৰু উত্তৰ পূবৰ স্বদেশী লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক ভূমিকা গ্ৰহণ কৰিব ৷আমি বিধেয়কখনৰ বিৰোদ্ধে প্ৰতিবাদ কৰিম ৷ ইফালে অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুৱে সম্প্ৰতি নতুন দিল্লীত অন্ধ্ৰ প্ৰদেশক বিশেষ ৰাজ্য ঘোষণা কৰাৰ কাৰণে প্ৰতিবাদ কৰিছে ৷ মুখ্যমন্ত্ৰী নাইডুয়ে চলিত চৰকাৰখনৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ আনিছে ৷

জম্মু কাশ্মীৰৰ পৰিস্থিতি সন্দৰ্ভত মন্তব্য কৰি চন্দ্ৰ বাবু নাইডুৱে কয় যে আমি দেখিছো যে, পঞ্জাৱ আৰু জম্মু কাশ্মীৰত কি পৰিস্থিতিৰ সৃষ্টি হৈছে ৷গতিকে, আমি উত্তৰ পূবটো সেই একেই পৰিস্থিতি সৃষ্টি হোৱাটো নিবিচাৰো ৷লগতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী নাইডুৱে কয় যে আমাৰ দলে বিধেয়কখনৰ বিৰুদ্ধে ভোট দিব ৷ অন্যহাতে চন্দ্ৰ বাবু নাইডুৰ তেলেগু দেশম দলৰ ৰাজ্যসভাত আছে ছজন সদস্য ৷ ইফালে কংগ্ৰেছেও যিকোনো পৰিস্থিতিতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধ কৰিব ৷

উল্লেখ্য যে,অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰসংগত কয় যে,আমি আমাৰ স্থিতিত অটল ৷আমি চৰকাৰক জন বিৰোধী বিধেয়কখন আনিবলৈ কেতিয়াওঁ নিদিওঁ ৷ এই বিধেয়কখন অসমৰ লোকসকলৰ আৱেগ অনুভূতিক ব্যাঘাত জন্মাব ৷ ইয়াৰ মাজতে উত্তৰ পূবৰ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিমণ্ডলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ লগত সাক্ষাৎ কৰি বিধেয়ক খনৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ কাৰণে আহ্বান কৰে ৷উল্লেখ্য যে,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই প্ৰথমতেই স্পষ্ট কৰি দিছে যে যদি বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰে, তেন্তে নেশ্যনেল পিপুল্স পাৰ্টিয়ে ত্যাগ কৰিব এনডিএৰ মিত্ৰজোঁট ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com