নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

বৃহস্পতিবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi) য়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ দ্বাৰা অসমীয়া মানুহৰ পৰিচয়ত কেতিয়াও ব্যাঘাত নহয়। শিলচৰৰ নিৰ্বাচনৰ প্ৰাৰ্থী ডা° ৰাজদ্বীপ ৰায় আৰু কৰিমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মাল্লাহৰ সমৰ্থনত শিলচৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৰামনগৰত এক বিশাল ৰেলীত অংশ লৈ প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, কাৰো লগত কোনো অন্যায় কৰা নহ’ব।

ইফালে, মোডীয়ে মংগলদৈৰ এইচপিচিৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু গুৱাহাটীৰ এইচপিচিৰ প্ৰাৰ্থীৰ কুইন ওঝাৰ সমৰ্থনত বিজয় বিকল্প সমাৰোহত বিয়লি কেন্দুক’নাস্থিত সূত্ৰগাঁওত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে চৰকাৰে অসম চুক্তিক বাস্তৱায়িত কৰিবৰ কাৰণে ভাৰতীয় সংবিধানৰ আঁওতাত থাকি সকলো পদক্ষেপ লৈছে ৷ অন্যান্য জনজাতি লোকসকলৰ পৰিচয়ৰ ওপৰত কোনো ব্যাঘাত নোহোৱাকৈ ৰাজ্যৰ ছয় জনগোষ্ঠীক মৰ্য্যাদা প্ৰদান কৰিব । ইফালে চাহ জনগোষ্ঠীৰ উদ্যোগ আৰু শ্ৰমিকসকলৰ হিতৰ সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে কংগ্ৰেছ নেতাসকলে সম্প্ৰতি আসন লাভৰ কাৰণে আশা প্ৰকাশ কৰিছে। তেওঁলোকে দুখীয়া চাহ শ্ৰমিকসকলৰ দুৰ্দশাক কেনেদৰে বুজি পাব ৷নিজকে "চায়ৱালা"বুলি চিনাকি দি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে চাহ বাগান শ্ৰমিকসকলৰ দুখ কোনেও বুজি নাপায়,কিন্তু মই বুজি পাওঁ ৷ ২০১৯ চনৰ নিৰ্বাচনৰ সন্দৰ্ভত মোডীয়ে কয় যে ২০১৯ চনৰ নিৰ্বাচন হ’ব বিশেষভাৱে উল্লেখ্য ৷মহাগঠবন্ধন ৰূপে আমি একত্ৰিত হৈছো৷ প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ বাৰ শাসনলৈ আহিলে "এজন প্ৰধানমন্ত্ৰী এখন বিধান আৰু সংবিধানৰ প্ৰয়োগৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰে ৷

লগতে এই পদক্ষেপৰ ইতিমধ্যে আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে ৷ ১৩০ কোটি ভাৰতীয়ৰ স্বাৰ্থ আৰু বিকাশক সন্মুখত ৰাখিহে যাৱতীয় ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে ২০২০ চন পৰ্যন্ত কোনো লোক গৃহহীন হৈ নাথাকে ৷ সকলো জনসাধাৰণৰ কাৰণে শৌচালয়,গেছ চিলিণ্ডাৰৰ ব্যৱস্থা,পানীৰ সুবিধা আপোনাৰ চকীদাৰে কৰি দিব ৷এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। মংগলদৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষক যোজনা আৰু কৃষক পেঞ্চন যোজনা আৰম্ভ কৰা হ’ব ৷ জনসাধাৰণৰ সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে অসমৰ মানুহৰ লগত থাকিবৰ কাৰণে আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

ভাষণ প্ৰসংগত বগীবিল দলং,চাংসাৰি এইমচ,ঢলা শদিয়া,ৰেল বিভাগৰ বিভিন্ন আঁচনিৰ প্ৰসংগও উল্লেখ কৰে মোডীয়ে ৷বিজেপিৰ সকলো পদক্ষেপ অসমৰ উত্থানৰ কাৰণে কৰা হৈছে ৷ লগতে সকলো ভোটদাতাক ভোট প্ৰদান কৰিবলৈ আহ্বান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে যাতে,জনসাধাৰণৰ সেৱা অব্যাহত ৰাখিব পাৰে । উল্লেখযোগ্য যে, শিলচৰত হোৱা নিৰ্বাচন সম্পৰ্কীয় সভাখনত উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,দলৰ প্ৰভাৰী মহেন্দ্ৰ সিং,মন্ত্ৰী পৰিমল শুক্লবৈদ্য,প্ৰাক্তন মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ লগতে অন্যান্য নেতাসকল ৷

অন্যহাতে,কেন্দুকনাত হোৱা সভাখনত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,বিধায়ক ৰমেন ডেকা আৰু বিজয়া চক্ৰৱৰ্তী,পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,গুৱাহাটীৰ প্ৰাৰ্থী কুইন ওঝা,মন্ত্ৰী ভবেশ কলিতা,হাজোৰ বিধায়ক সুমন হৰিপ্ৰিয়াৰ উপৰিও অন্যান্য বিজেপি,এজিপি আৰু বিপিএফৰ বৰিষ্ঠ নেতাসকল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com