নাগৰিকৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগৰ বিশেষ ব্যৱস্থা

নাগৰিকৰ সুবিধাৰ্থে নিৰ্বাচন আয়োগৰ বিশেষ ব্যৱস্থা

আগন্তক নিৰ্বাচন যাতে সূচাৰূপে সম্পন্ন হয় তাৰ কাৰণে সম্প্ৰতি তৎপৰ হৈছে নিৰ্বাচন আয়োগ ৷ ডিজিটেল ব্যৱস্থাৰ দ্বাৰা নাগৰিকে নিজৰ প্ৰতিটো অভিযোগ এটি মোবাইল এপ cVIGIL ৰ জৰিয়তে যাতে বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে ৷ এই এপটোৰ জৰিয়তে যিকোনো ব্যক্তিয়ে অভিযোগৰ প্ৰতিবেদন দিব পাৰে ৷ নিৰ্বাচনৰ সময়ত যদি কোনোৱে আইন উলংঘন কৰে ৷ তেন্তে এই এপৰ জৰিয়তে দিব পাৰিব অভিযোগ ৷

ইফালে VIGILৰ অৰ্থ হৈছে নিৰপেক্ষ নাগৰিক,সতৰ্ক নাগৰিক ৷আগন্তক নিৰ্বাচন যাতে সুচাৰূপে অনুষ্ঠিত হয় , তাৰ কাৰণে সক্ৰিয় ভূমিকা নাগৰিকসকলে ল’বৰ কাৰণে এই ব্যৱস্থা নিৰ্বাচন আয়োগৰ ৷ অন্যহাতে এই এপৰ জৰিয়তে ভিডিঅ’ আৰু ফ’টোও যাতে বিষয়া অধিকাৰীসকলৰ উপলব্ধ হয় সেই ব্যৱস্থা কৰা হৈছে ৷ এপটোত কেমেৰা,উন্নত ইনটাৰনেট,জিপিএছৰ ব্যৱস্থা কৰিব পাৰিব নাগৰিকসকলে ৷ লগতে এই এপ টো জিলা নিয়ন্ত্ৰণ শাখা,বিভাগীয় বিষয়া সকলৰ লগত সংযোগ থাকিব ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com