নাৰী দিৱস উপলক্ষে কংগনা ৰানাউটৰ মহিলা সকললৈ বিশেষ আহ্বান

নাৰী দিৱস উপলক্ষে কংগনা ৰানাউটৰ মহিলা সকললৈ বিশেষ আহ্বান

হিন্দী ছবিজগতৰ মোহময়ী অভিনেত্ৰী কংগনা ৰানাউটে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ সংগতি ৰাখি মন্তব্য কৰে যে মহিলাসকলে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে ৷যেতিয়ালকৈ নাৰীসকলে নিজৰ ওপৰত বিশ্বাস নাৰাখে তেতিয়ালৈকে অন্য লোকসকলে বিশ্বাস নকৰিব৷ এক অনুষ্ঠানত ভাগ লৈ কংগনা ৰানাউটৰ মন্তব্য যে মহিলাসকল পূৰ্বৰ পৰাই শক্তিশালী হৈ আছে ৷ তেওঁলোকক শক্তিশালী কৰাৰ প্ৰয়োজন নাই ৷ আমাৰ মাতৃ সকলে আমাক জীৱনলৈ বিপদ আগবঢ়াই আনিব পৰা লোকসকলৰ পৰা অথবা বিপদ মাতি আনিব বিচৰা যিকোনো কাৰ্যৰ পৰা দূৰত ৰাখিছে ৷

আমাৰ মাতৃ সকলে জানে যে তেওঁলোকৰ ক্ষমতা কি অথবা তেওঁলোক কি কৰিবৰ কাৰণে সক্ষম হৈ আছে ৷গতিকে এনেকৈয়ে মহিলা সকলৰ সৱলীকৰণৰ সন্দৰ্ভত মন্তব্য দিয়ে কংগনা ৰানাউটে লগতে নাৰী দিৱসৰ শুভেচ্চা জনায় সকলো নাৰীক ৷ অন্যহাতে কংগনাৰ ছবি মণি কৰ্ণিকাই বিশেষ ধুমুহাৰ সৃষ্টি কৰিছিল ৷ সেয়া বিতৰ্কতেই হওঁক বা বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰতেই হওঁক ।

উল্লেখ্য যে ২৫ জানুৱাৰী মুক্তি লাভ কৰা কংগনা ৰানাউটৰ মণিকৰ্নিকাঃদ্য স্কীন অফ ঝান্সী নামৰ ছবিখনৰ সম্প্ৰতি বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ কংগনাৰ “মণিকৰ্নিকা” মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত যথেষ্ট বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৷কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে “মণিকৰ্নিকা”মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব ।ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷এই কথাতেই ক্ষুদ্ধ হৈ কৰণী সেনাই কংগনাক ক্ষমা খুজিবলৈ কয়। লগতে কয় যে যেতিয়ালৈকে কংগনাই ক্ষমা নোখোজে তেতিয়ালৈকে কৰণী সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয়।কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

ইফালে, মণি কৰ্নিকা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বলীউডৰ বহু অভিনেতা অভিনেত্ৰীসকলে ৷ আৰু মণিকৰ্নিকা বিতৰ্কৰ পৰা মন্তব্য দিয়াৰ পৰা বিৰত থাকে বহু চেলীব্ৰেটী ৷ ইয়াৰ ভিতৰত আলিয়া ভাট্টক বিশেষ ৷ এই ক্ষেত্ৰত কংগনা ৰানাউটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ইয়াৰ পিছতে আলিয়া ভাট্টে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি কয় যে আলিয়াই ইচ্ছাকৃত ভাবে বিৰক্তি কৰিব বিচৰা নাছিল ৷ আৰু ইয়াৰ কাৰণে আলিয়াই ব্যক্তিগত ভাৱে ক্ষমাপ্ৰাৰ্থী বুলিও উল্লেখ কৰে। এক তথ্য অনুসৰি,আলিয়াৰ এই মন্তব্যৰ পিছতে কংগনা ৰানাউটে সাক্ষাৎ কৰে আলিয়া ভাট্টক৷আৰু আলিয়াক মণিকৰ্নিকাৰ বিবাদ,কংগনাৰ ব্যক্তিগত বিবাদ নেকি বুলি নেকি প্ৰশ্ন কৰে ৷লগতে কংগনা ৰানাউটে কয় যে মণিকৰ্নিকা ছবিখনত সম্পূৰ্ণ দেশখনৰ কথা কোৱা হৈছে ৷ গতিকে বলীউডে এই প্ৰসংগত কিয় নিৰৱতা অৱলম্বণ কৰিছে ৷ কংগনা ৰাণাউটৰ অনুসৰি যদি আলিয়াই কেৱল টকা উপাৰ্জন কৰিবৰ কাৰণেহে বেছি মনোযোগ দিছে,যিকোনো বিতৰ্কিৰ সন্দৰ্ভত কোনো মন্তব্য নকৰে, তেন্তে আলিয়াৰ এই সফলতাৰ কোনো মূল্য নাই ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com