নিজম পৰিল ডান্স প্লাচ-৪ৰ মঞ্চঃকিন্তু কোন হ’ল বিজয়ী?

নিজম পৰিল ডান্স প্লাচ-৪ৰ মঞ্চঃকিন্তু কোন হ’ল বিজয়ী?

ষ্টাৰ প্লাছৰ জনপ্ৰিয় ৰিয়েলিটি অনুষ্ঠান ডান্স প্লাছ -৪ ৰ বিজয়ী সদ্যহতে ঘোষণা হ’ল ৷ ডান্সাৰ, অভিনেতা তথা মেন্টৰ পুনিত পাঠকৰ শিষ্য ১৮ বছৰীয়া চেতন চালুংখে জনপ্ৰিয় ৰিয়েলিটী অনুষ্ঠান ডান্স প্লাচ ৪ ৰ বিজয়ী হয়৷ডান্স প্লাচ ৪ ৰ অন্তত অন্যান্য প্ৰতিযোগী ৱৰ্তিকা ঝা,বী অনৱীটেবল টীম লগতে চুজান আৰু আঞ্চলক পৰাজিত কৰি জয়ী হয় চেতন চালুংখে ৷ বিজয়ী হৈয়ে চালুংখেয়ে ২৫ লাখ টকাৰ প্ৰাইজ মণি লাভ কৰে ৷ইফালে চেতন চালুংখে ডান্স প্লাছ ৪ ত বিজয়ী হোৱাৰ পিছতেই সন্তুষ্টি প্ৰকাশ কৰিছে সকলোৱে ৷ কাৰণ অতি সাধাৰণ পৰিয়ালৰ পৰা আহি লাভ কৰা চেতন চালুংখেৰ এই জয়ে এক প্ৰেৰণা হিচাপে প্ৰতিপন্ন হৈছে চেতনৰ দৰে গভীৰ প্ৰত্যাহ্বানক নেওচি জীৱনত আগবাঢ়ি যোৱা সকলৰ কাৰণে ৷

সাধাৰণ পৰিয়ালৰ পৰা অহা চেতনৰ ওচৰত নৃত্য প্ৰশিক্ষণ ল’বলৈ নাছিল কোনো টকা ৷ সেয়েহে চেতনে ইউটিউবৰ পৰা চাই নৃত্য শিকে ৷ প’পিং স্কিলৰ কাৰণে জনাজাত চেতনক প’পিং বাদশ্বাহ আৰু পাৱাৰফুল প’পাৰ নামেৰে অভিহিত হয় ডান্স প্লাচ ৪ ৰ মঞ্চত ৷ ইফালে জয়ী হোৱাৰ পাছত চেতনে বিজয়ী হোৱা টকাৰে নিজৰ অভিভাৱকৰ কাৰণে এটি বাসগৃহ ক্ৰয় কৰাৰ কথা উল্লেখ কৰে ৷ অন্যহাতে মেন্টৰ পুনিতৰ পাঠকৰ টীমৰে আঞ্চল আৰু সুজন ডান্স প্লাছ শ্ব’টোৰ ৰানাৰ আপ হয়।চেতনে ২০১৮ বৰ্ষত মাৰাঠী ৰিয়েলিটী শ্ব’ ডান্স মহাৰাষ্ট্ৰ ডেব্যিয়ু কৰে ৷ শনিবাৰে হোৱা ড

শনিবাৰে হোৱা ডান্স প্লাছৰ অনুষ্ঠানটোত প্ৰতিযোগীসকলৰ লগত মেন্টৰ ধৰ্মেশ,পুনীত পাঠক আৰু শক্তি মোহনেও নিজৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ৷

ইফালে গ্ৰেণ্ড ফাইনেলত সদ্যহতে চৰ্চাৰ শীৰ্ষত থকা ছবি হাস্যমধুৰ ছবি ট’টেল ধামাল"ৰ প্ৰমোশ্যন কৰাৰ কাৰণে অনিল কাপুৰ,মাধুৰী দীক্ষিত আৰু শ্ৰেয়স তোলপড়ে ডান্স প্লাছৰ মঞ্চত উপস্থিত হয়। অনুষ্ঠানটিত বলীউডৰ ধক ধক গাৰ্ল তথা ডান্সিং কুইন আৰু অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু অনিল কাপুৰে "এ জী অ জী","চনে কে খেত মেঁ" গানত নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰে ৷ ট’টেল ধামালৰ কলা কুশলীসকলৰ উপৰিও ডান্স প্লাচৰ মঞ্চত উপস্থিত হয় অংকিতা লোখণ্ডে,নোৰা ফতেহী আৰু মণি ৰয়ৰ দৰে ষ্টাৰ সকল ৷ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগী নোৰা ফতেহীয়ে "দিলবৰ দিলবৰ"গানটোত নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰে ।

লগতে "গোল্ড" ছবিৰ নায়িকা ম’নী ৰয়েও নিজৰ নৃত্যানুষ্ঠান প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে ।উল্লেখযোগ্য যে, ষ্টাৰ প্লাছৰ জনপ্ৰিয় অনুষ্ঠান ডান্স প্লাছ ৪ ৰ বিচাৰকৰ আসন শুৱনি কৰিছিল ৰেম’ ডিছুজা ,ধৰ্মেশ,পুনিত পাঠক আৰু শক্তি মোহনে ৷ইফালে অনুষ্ঠানটোতে এংকৰিং কৰিছিল জনপ্ৰিয় ডান্সাৰ ৰাঘৱ জুৱেল আৰু সুগন্ধা মিশ্ৰাই।সততে ৰাঘৱৰ কমেডীসমূহ যথেষ্ট জনপ্ৰিয় দৰ্শকসকলৰ মাজত ৷কিন্তু সম্প্ৰতি ৰাঘৱ জুৱেলৰ লগত আছি সুগন্ধা গতিকে এইবাৰ যথেষ্ট ধামাল কৰিছিল দুয়োৱে ।ইফালে ৰাঘৱে অনুষ্ঠানটোৰ মেন্টৰ শক্তি মোহনৰ লগত কৰা কথাৰ কটা কটি সমূহ দৰ্শক সকলৰ কাৰণে নতুন নহয় ৷গতিকে সম্প্ৰতি দৰ্শকৰ অপেক্ষা মাথো পৰৱৰ্তী ডান্স প্লাচ ৫ লৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com