নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছক কটাক্ষ কংগনা ৰানাউটৰ

নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি কংগ্ৰেছক কটাক্ষ কংগনা ৰানাউটৰ

সোমবাৰে অৰ্থাৎ আজি সমগ্ৰ দেশত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ ৷ মুম্বাইত ১৭ খন আসনৰ কাৰণে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত বলীউডৰ বহু ছুপাৰষ্টাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সততে ৰাজনীতিৰ ক্ষেত্ৰত মন্তব্য দিয়া কংগনা ৰানাউটে কংগ্ৰেছে কটাক্ষ কৰি মন্তব্য দিয়ে যে আজি দেশ সকলো ক্ষেত্ৰতে স্বাধীন হৈছে ৷ ইটালিয়ান চৰকাৰৰ পৰাও দেশ আজি স্বাধীন।

ভোটদান কৰিবলৈ যোৱা কংগনা ৰানাউটক ভোটদানৰ আৱশ্যকতা সন্দৰ্ভত প্ৰশ্ন কৰাত অভিনেত্ৰী গৰাকীয়ে কয় যে ভোটদান কৰাটো উল্লেখযোগ্য কাম ৷এই দিনটো পাঁচ বছৰত এবাৰেই আহে ৷ গতিকে আমি এই ক্ষেত্ৰত সদায় আগবাঢ়ি যাব লাগে ৷মোৰ অনুভৱ সম্প্ৰতি ভাৰতবৰ্ষ সঁচাকৈয়ে আগবাঢ়ি গৈছে ৷কাৰণ ইয়াৰ পূৰ্বতে আমাক মোগল,কংগ্ৰেছ আৰু ইটালিয়ান চৰকাৰে শাসন কৰিছিল ৷ গতিকে সকলোৱে নিজৰ বহুমূলীয়া ভোট দান কৰিব লাগে ৷ এই মন্তব্যটোত কংগনা ৰানাউটে কংগ্ৰেছ চৰকাৰৰ উপৰত কটাক্ষ কৰিছে ৷ অৱশ্যে কংগনাই কোনো দলৰ নাম লোৱা নাই ।তথাপিও বুজি পোৱা সকলৰ কাৰণে এটি ইংগিতেই যথেষ্ট । কাৰণ ইটালিয়ান শব্দই কংগ্ৰেছ দলৰ ফালেই ইংগিত দিছে।

https://www.instagram.com/p/Bw1E1kwHTDK/

লগতে কংগনা ৰানাউটে কয় যে এটা সময়ত আমাৰ ৰাজনেতাসকলে লণ্ডনত আৰাম কৰিছিল। দেশত প্ৰদূষণ,দৰিদ্ৰতাই ভাৰাক্ৰান্ত কৰিছিল ৷দেশৰ দুৰ্দশা অত্যন্ত শোচনীয় হৈ গৈছিল। সম্প্ৰতি আমাৰ স্বধৰ্ম আৰু স্বৰাজৰ সময় আহি পৰিছে ৷গতিকে আমি সকলো একত্ৰিত হৈ ভোটদান কৰিব লাগে ৷ কংগনা ৰানাউটক শেহতীয়াকৈ মণিকৰ্নিকা ছবিত দেখা গৈছিল। সম্প্ৰতি কংগনা ব্যস্ত আছে পংগা ছবিৰ দৃশ্য গ্ৰহণত। উল্লেখ্য যে কংগনা ৰানাউট সততে বিভিন্ন বিতৰ্কৰে চৰ্চাত থাকে।

সদ্যহতে কৰণ জোহৰে অভিনেত্ৰী কংগনা ৰাণাউটৰ প্ৰশংসা কৰি কয় যে কংগনা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম ৷ ভৱিষ্যতে মই কংগনাৰ লগত কাম কৰিব বিচাৰো ৷ ইফালে,কংগনা ৰানাউট আৰু কৰণ জোহৰৰ মাজৰ যুদ্ধখন আজিৰ নহয়। দুবছৰৰ পূৰ্বে কংগনা ৰানাউট কৰণ জোহৰৰ কফী উইথ কৰণলৈ আহিছিল ৷ অনুষ্ঠানটোত কংগনাই কৰণৰ ওপৰত নেপোটিজমৰ আৰোপ লগাইছিল ৷ আৰু কংগনা ৰানাউটে মন্তব্য কৰিছিল যে কৰণ বলীউডত ষ্টাৰসকলৰ ভাই ভতিজাক স্থান দিয়ে ৷ কৰণ হৈছে ছবি মাফিয়া ৷

ইয়াৰ পিচতেই কৰণ জোহৰ কংগনা ৰানাউটৰ প্ৰতি ক্ষোভিত হৈ কংগনা পৰা দূৰত থাকে। অন্যহাতে কিছুদিন পূৰ্বে কৰণ জোহৰে কংগনাক কটাক্ষ কৰি কয় যে কৰণ জোহৰে ভাই ভতিজা জাতীয় বিষয়ক পছন্দ নকৰে,অন্য ব্যক্তিয়ে কৰিব পাৰে , সেয়ে মই তেনে ব্যক্তিৰ কথা ক’বলৈ এৰি দিলো ৷মই নিজৰ কাম কৰোঁ ৷ কৰণ জোহৰৰ ইংগিত কংগনাৰ ফালে আছিল ৷উল্লেখ্য যে কৰণ জোহৰৰ এই মন্তব্যৰ পিছত অনুভৱ হৈছে অনতিপলমে কংগনা ৰানাউটক কৰণ জোহৰৰ ছবিত দেখিবলৈ পোৱা যাব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com