নিৰ্বাচনৰ প্ৰসংগত বিশেষ প্ৰতিক্ৰিয়া ৰূপক গোস্বামী আৰু সুভাষ দত্তৰ

নিৰ্বাচনৰ প্ৰসংগত বিশেষ প্ৰতিক্ৰিয়া ৰূপক গোস্বামী আৰু সুভাষ দত্তৰ

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয় বৃহস্পতিবাৰে ৷ মংগলদৈ,স্বায়ত্ব শাসিত জিলা ডিফু,কৰীমগঞ্জ,শিলচৰ আৰু নগাঁওত হোৱা নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিৰ প্ৰবক্তা ৰূপক গোস্বামী আৰু সুভাষ দত্তই দলৰ পাঁচখন আসনত জয়ী হোৱাৰ দাবী কৰে ৷

বৃহস্পতিবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ প্ৰধান কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰি ৰূপক গোস্বামী আৰু সুভাষ দত্তই ভৱিষ্যতবানী কৰে যে দলে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত জয় লাভ কৰিব ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশত জনসাধাৰণে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ সবকা সাথ সবকা বিকাশে সকলোকে একত্ৰিত কৰিছে ৷

ইয়াৰোপৰিও দেশত দুৰ্নীতিৰ পৰিমাণ সীমিত হৈ আহিছে ৷ ইয়াৰ পূৰ্বতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৈছিল যে যদি কেন্দ্ৰই ১ টকা প্ৰদান কৰে,তেন্তে ৰাজ্যই কেৱল ৫০ পইচাহে লাভ কৰে ৷ কিন্তু নৰেন্দ্ৰ মোডী চৰকাৰৰ দিনত দেশত বিকাশৰ মাত্ৰা অতি ক্ষিপ্ৰ গতিত হৈছে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com