নৰেন্দ্ৰ মোদী দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হলে অসম বিদেশী মুক্ত হ'ব: অমিত শ্বাহ

নৰেন্দ্ৰ মোদী দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হলে অসম বিদেশী মুক্ত হ'ব: অমিত শ্বাহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যদি দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয় তেনে অসম বিদেশী মুক্ত হ'ব বুলি প্ৰকাশ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে

আহঁতগুৰিত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে। কংগ্ৰেছেৰ বৰ্তমানলৈকে প্ৰধানমন্ত্ৰীৰ যোগ্য প্ৰাৰ্থী দিবলৈ বিফল হৈছে । কংগ্ৰেছত সুদক্ষ নেতাৰ অভাৱ বুলি তীব্ৰ সমালোচনা কৰে অমিত শ্বাহে। লগতে কিয় জনসাধাৰণে কংগ্ৰেছক ভোট দিব বুলি প্ৰকাশ কৰে ।

যোৱা ১৫ বছৰত কংগ্ৰেছে অবৈধ বিদেশীক বহিস্কাৰ কৰাৰ পৰিবৰ্তে ৰক্ষনাবেক্ষণ দিলে বুলি প্ৰকাশ কৰে অমিত শ্বাহে । কংগ্ৰেছে দীৰ্ঘ দিন শাসন কৰিলেও দেশৰ সীমান্ত সুৰক্ষা ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ নকৰিলে বুলি প্ৰকাশ কৰে অমিত শ্বাহে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ প্ৰসংগ উল্লেখ কৰি শ্বাহে কয় অসম চুক্তিৰ NRC অন্যতম দফা। আৰু বিজেপি চৰকাৰে শাসনৰ গাদী দখল কৰাৰ পিছত NRC উন্নয়নৰ কাম হৈছে বুলি প্ৰকাশ কৰে। অসম আন্দোলনৰ সময়ত শতকৰো অধিক লোকে প্ৰান হেৰুৱাব লগা হৈছিল । কংগ্ৰেছে বহু বছৰ শাসন কৰাৰ পাছতো অসম চুক্তি ৰূপায়ণত কোনো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা নাছিল । কিন্তু বিজেপি চৰকাৰে ৫ বছৰ শাসন কৰিয়ে অসম চুক্তি ৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে বুলি শ্বাহে প্ৰাৰ্থী কৰে। অসমৰ ভাষা, সংস্কৃতিৰ আৰু পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত অসম চুক্তি ৬ টা দফা ৰূপায়ণত বিজেপি চৰকাৰে ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে।

যাতায়াতৰ উন্নয়নৰ কথা উল্লেখ কৰি বিজেপি চৰকাৰে ঢলা শদিয়া দলং আৰু বগীবিল দলং উদ্বোধন কৰাৰ উল্লেখ কৰে অমিত শ্বাহে । সমষ্টি বাসীক ৰূপক শৰ্মাক ভোট দিবলৈ আহ্বান জনোৱাই কেন্দ্ৰত মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ অমিত শ্বাহে আহ্বান জনাই ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা , বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, ৰমেন ডেকা, ৰাজেন গোহাঁই, বিজয়া চক্ৰবৰ্ত্তী, নগাঁওৰ প্ৰাৰ্থী ৰূপক শৰ্মা , ৰমা কান্ত দেউৰী, পীজুছ হাজৰিকা,আংগুৰলতা ডেকা আৰু বহুতো উপস্থিত থাকে ৰেলীত।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com