নৱবৰ্ষলৈ মাজত মাথো কেইটামান ঘন্টা: তাৰ কাৰণে প্ৰস্তুতি কেনে আপোনাৰ

নৱবৰ্ষলৈ মাজত মাথো কেইটামান ঘন্টা: তাৰ কাৰণে প্ৰস্তুতি কেনে আপোনাৰ

নতুন বছৰলৈ মাজত মাথো দুটা দিন আছে ৷ সকলোৰে নতুন বছৰক আদৰাৰ প্ৰস্তুতি কৰিছে ৷অৱশ্যে সম্প্ৰতি গাৱে- ভূঞে,নগৰে- চহৰে সকলোতে প্ৰীতিৰে সকলোৱে মিলি জুলি ঘৰতেই হওঁক বা কোনোবা নদী অথবা বিলৰ পাৰতেই হওঁক এসাজ খোৱাৰ আয়োজন কৰিছে ৷ ইয়াৰ বিপৰীতে কোনো কোনো নদীৰ পাৰ,বিল আদিৰ পাৰত বনভোজৰ ব্যাপক আয়োজন দেখা যায় ৷ কিন্তু নতুন বছৰত আদৰিবলৈ জনসাধাৰণ এই কেইদিন উৎসুক হৈ থাকিলেও,৩১ ডিচেম্বৰৰ নিশা প্ৰায় ৯ বজাৰ পৰা ১২ বজাৰ ভিতৰৰ এই সময়খিনি সকলো লোকৰ কাৰণে হয় বিশেষভাৱে উল্লেখযোগ্য ।

গতিকে নতুন বছৰক আদৰিবলৈ আপুনি যদি পাৰ্টি কৰিব বিছাৰে তেন্তে আগতীয়াকৈ আয়োজন কৰা অত্যন্ত জৰুৰী ৷ পাৰ্টিৰ কাৰণে ঠাই,পাৰ্টিৰ কাৰণে আটকধুনীয়াকৈ সজোৱা ঠাই,আমন্ত্ৰিত অতিথি সকলক কৰা আপ্যায়ন এইসকলো বোৰে আপোনাৰ পাৰ্টিটোক কৰি তুলিব অত্যন্ত আকৰ্ষণ ৷ আনহাতে নতুন বছৰত সকলোৱে নতুন প্ৰতিজ্ঞা লয় ৷ তাৰ কাৰণেও আপোনাৰ পাৰ্টি টোত কৰিব পাৰে এক বিশেষ আয়োজন ৷ এখন বোৰ্ড অথবা এখন কাৰ্ডত পাৰ্টিত উপস্থিত সকলোৰে নৱবৰ্ষত লোৱা প্ৰতিজ্ঞাসমূহৰ কথা লিখিব পাৰে। সকলোতকৈ নৱবৰ্ষৰ পাৰ্টিটোত মন কৰিব লগীয়া কথাটো হৈছে খানা ৷ পাৰ্টিত সাধাৰণতে লঘু আহাৰেই পছন্দ কৰে সকলোৱে ৷ ইফালে পাৰ্টিৰ থিম হিছাপে এটা ড্ৰেছ ক’ডৰ ব্যৱস্থা কৰিব পাৰে ৷

অন্যহাতে থিম পাৰ্টিৰ চাৰপ্ৰাইজ সকলোৰে প্ৰিয় ৷ তাৰ ভিতৰত "ব্লেক এণ্ড হুৱাইট থিম", "পুৰণি দিনৰ বিভিন্ন সাজ পোচাক পৰিধান কৰা","বলীউড থিম",চেলিব্ৰেটী থিম",চাইনীজ থিম", আদি বিভিন্ন থিমেৰে আপুনাৰ পাৰ্টিটোক কৰিব পাৰে এক ব্যতিক্ৰম ৷ তেতিয়া আপোনাৰ পাৰ্টিটো হ’ব অধিক আকৰ্ষনীয় ৷ লগতে,নৱবৰ্ষৰ পাৰ্টিটোক আৰু অধিক আকৰ্ষণীয় কৰিবৰ বাবে সকলো বন্ধু বান্ধৱীৰ লগত খেলিব পাৰে বিভিন্ন খেল ৷ তাৰ ভিতৰত মুখৰ যিকোনো ধৰণৰ অংগী ভংগীৰ ফ’টো ক্লিক কৰা ৷ আৰু ফ’টো ক্লিক কৰোঁতে পাৰ্টি কৰাৰ ঠাইৰ যিকোনো এটা কোণত থিয় হৈ ফ’টোৰ কাৰণে প’জ দিব ৷ লগতে যি জনৰ ফ’টো আটাইতকৈ Fanny অথবা বিভিন্ন অংগী ভংগীৰে ওলাব সেইজন হ’ব বিজেতা ৷

নৱবৰ্ষত আৰু এবিধ খেল কণ কণ ল’ৰা ছোৱালী অথবা বয়োজ্যেষ্ঠ জনলৈও খেলিব পাৰে ৷ এটা ঝাৰক ৰঙীন পেপাৰে সজাই লৈ তাত চকলেট,সৰু সৰু খেলনা বস্তু,মৰ্টন,কলম,পেঞ্চিল আদি লৈ প্ৰতিযোগীৰ চকুত কাপোৰ বান্ধি সেই বস্তু বোৰ চিনাক্ত কৰিবলৈ দিব লাগে ৩০ ছেকেণ্ডৰ ভিতৰত ৷ যি জনে আটাইতকৈ বেছি বস্ত চিনাক্ত কৰিব পাৰিব তেওঁ হ’ব খেলখনৰ বিজেতা ৷ অন্য এবিধ খেল হ’ল যিকোনো অভিনেতা অভিনেতা নাম চিনাক্ত কৰা ৷ প্ৰথমতে খেল খেলিবলৈ দুটা দলত ভাগ কৰিব লাগিব প্ৰতিযোগীসকলক ৷ ইয়াৰ পিছত খেলা সঞ্চালকে এটা দলৰ এজন প্ৰতিযোগীৰ মাথাত কোনো অভিনেতাৰ নাম লিখা এখন অভিনেতা বা অভিনেত্ৰীৰ নাম লিখি লগাই দিব ৷

ইয়াৰ পিছত বিপৰীত দলৰ এজনক মাথাত ফলক লগোৱা প্ৰতিযোগী জনক আকাৰ ইংগিতেৰে,তেওঁৰ মাথাত ফলকত থকা অভিনেতা অভিনেত্ৰীজনৰ নাম বুজাবলৈ যত্ন কৰিব ৷ লগতে পাৰ্টিত তিনি চাৰি ঘন্টা কেৱল ডান্সৰ জৰিয়তে সকলোকে প্ৰথমৰ পৰা শেষলৈ সকলোকে ধৰি ৰাখিব পৰাটো এক চেলেঞ্জ ৷গতিকে,সংগীত গতি বিধি সলনি কৰিব পৰা তথা বিভিন্ন প্ৰকাৰ সংগীতৰ ব্যৱস্থা থকাটো অতি প্ৰয়োজন। শেষত সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com