পঞ্চায়ত নিৰ্বাচন : বটদ্ৰৱাত অগপ-বিজেপিৰ প্ৰথমখন তালিকা প্ৰকাশ 

পঞ্চায়ত নিৰ্বাচন : বটদ্ৰৱাত অগপ-বিজেপিৰ প্ৰথমখন তালিকা প্ৰকাশ 

পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীত্বক লৈ নিৰ্বাচনী বতাহ গৰম হৈ থকাৰ মাজতে কালি সন্ধ্যা বটদ্ৰৱা অগপই প্ৰথমখন প্ৰাৰ্থী তালিকা চুড়ান্ত কৰিছে ৷ এই প্ৰতিবেদকৰ হাতত পৰা তালিকা অনুসৰি বিভিন্ন পঞ্চায়তত অগপৰ প্ৰাৰ্থী সকল হ’ল -বটদ্ৰৱা সত্ৰ পঞ্চায়ত:টুনিমাই বৰা (সভাপতি), মজিবুৰ ৰহমান (কাউঞ্চিলৰ) ; কুজীদাহ-জামুগুৰি:কৌস্তভ কুমাৰ বৰা (সভাপতি), দুল গোস্বামী ( কাউঞ্চিলৰ) কাকমাৰী পঞ্চায়ত : ৰবীন মেধি (সভাপতি ), বিপ্লৱ কুমাৰ নাথ (কাউঞ্চিলৰ),নিজ হাতীচোং পঞ্চায়ত : ক্ষীতেশ্বৰ বৰা (সভাপতি) , মাধৱ বৰদলৈ (কাউঞ্চিলৰ),ৰাইদঙীয়া পঞ্চায়ত : সুৰদেৱী পাটৰ (সভাপতি) অবিনাশ দাস (কাউঞ্চিলৰ), হাতীযুজুৱা পঞ্চায়ত : চেলিমা বেগম ( সভাপতি), নিবেদিতা বৰদলৈ (কাউঞ্চিলৰ )৷ আনহাতে শাসকীয় বিজেপি দলে বটদ্ৰৱাৰ সমষ্টিৰ জিলা পৰিষদ সমষ্টি সমূহৰ বাবে ঘোষণা কৰা প্ৰাৰ্থী সকল হ’ল : বটদ্ৰৱা জিলা পৰিষদত দুলুমনি কলিতা , হাতীচোঙত সীমাৰেখা ভৰালী আৰু চাবুকধৰাত অঞ্জু দাস ৷ হাতীচোং জিলা পৰিষদত ধনবলৰ দিশটোত গুৰুত্ব দি দলৰ জ্যেষ্ঠা মহিলা নেত্ৰী অৱন্তী দেৱীক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অৱন্তী দেৱীক শেষ মুহুৰ্তত অগপৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব পাৰে বুলিও অগপৰ এক সূত্ৰত প্ৰকাশ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com