পলকতে চাওঁ আহক বলীউডৰ আপোনাৰ প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ সৰু সৰু খবৰ

পলকতে চাওঁ আহক বলীউডৰ আপোনাৰ প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ সৰু সৰু খবৰ

বলীউডৰ অভিনেতা ইৰফান খান সম্প্ৰতি সুস্থ হৈ পুনৰ গতানুগতিক কৰ্মলৈ উভতি আহিছে ৷ অভিনেতা ইৰফান খানে সম্প্ৰতি উদয়পুৰত "হিন্দী মিডিয়ামৰ" চিকুৱেল অংগ্ৰেজী মিডিয়ামৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে। হিন্দী মিডিয়াম ২০১৭ বৰ্ষৰ এখন উল্লেখযোগ্য ছবি আছিল। চান্দনী চ’কৰ দম্পতীৰ জীয়তী উচ্চ শিক্ষাৰ দিয়াৰ প্ৰক্ৰিয়া তথা তেওঁলোকসকলৰ জীৱনৰ উত্থান পতনক দৰ্শকে আদৰি লৈছিল ৷ অংগ্ৰেজী মিডিয়াম হৈছে এটি নতুন কাহিনীৰ লগতে হিন্দী মিডিয়ামৰ চিকুৱেল। ইয়াৰ নিৰ্দেশন কৰিছে হোমী আদাজানিয়া ৷

ইফালে বলীউডৰ অভিনেতা ৰনৱীৰ সিঙ সম্প্ৰতি ব্যস্ত আছে ৮৩ ৰ দৃশ্যগ্ৰহণত। ইফালে ৰনৱীৰ সিঙে ছবিখনৰ প্ৰশিক্ষণৰ ল’বৰ কাৰণে ৱলবিন্দৰ সন্ধু আৰু যশপাল শৰ্মাৰ ওচৰলৈ ধৰমশালালৈ যাত্ৰা কৰিছে ৷ ধৰমশাললৈ যাত্ৰা কৰাৰ সময়তে ৰনৱীৰ সিঙৰ সহিতে ছবিখনৰ অন্যান্য কলা কুশলী সকলৰ বিভিন্ন ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। ভিডিঅ’টিত ৰনৱীৰ সিঙে অনুৰাগীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছে ৷

লগতে ৰনৱীৰ সিঙৰ শেহতীয়াকৈ মুকলি হোৱা গলী বয়ৰ কিছুমান দৃশ্যাংশ অনুৰাগীলৈ আগবঢ়াইছে। এই ছবিখনত অভিনয় কৰিছে হাৰডি চন্দু,চিৰাগ পাটিল,চাকিব চালীম,পংকজ ত্ৰিপাঠী, তাহিৰ ৱছিম,চাহিল কাট্টাৰ ৷ ছবিখনে মুক্তি পাব ২০২০ চনৰ ১০ এপ্ৰিলত ৷ অন্যহাতে কলংক ছবি প’ষ্টাৰ,টিজাৰৰ মুক্তিৰ পিছত শেহতীয়াকৈ মুক্তি লাভ কৰিছে কলংকৰ ট্ৰেইলৰে ৷

কলংক ছবিৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছৰ পৰাই সকলোতে চৰ্চা লাভ কৰিছে ছবিখনে ষ্টাৰ কাষ্টে ৷ছবিখনত আলিয়া ভাট্ট,বৰুণ ধাৱন,আদিত্য ৰয় কাপুৰ,কুনাল খেমুয়ে মুখ্য ভূমিকাত অভিনয় কৰিছে ৷ ইয়াৰোপৰি ছবিখনত অভিনয় কৰা আন এটি ৯০ দশকৰ যোৰীয়ে বিশেষ চৰ্চা লাভ কৰিছে ৷ সেয়া হৈছে মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্ত ৷কলংকত মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্তক অনুৰাগীসকলে প্ৰায় দুটা দশকৰ পিছত একেলগে দেখিবলৈ পাব । সম্প্ৰতি মাধুৰী আৰু সঞ্জয় দত্তৰ যোৰীক একেলগে চাবলৈ অধীৰ অপেক্ষা কৰি আছে অনুৰাগীসকলে ৷

সংবাদমাধ্যমৰ আগত মন্তব্য কৰি সঞ্জয় দত্তই কয় যে বহু বছৰৰ পিছত মাধুৰীৰ লগত অভিনয় কৰি মই বহুত সুখী ৷ লগতে কয় যে আমি একেলগে কিমান সংখ্যক ছবি একেলগে কৰিছে তাৰ হিছাপ নাই। কলংক ছবিখনত মাধুৰী দীক্ষিতৰ লগত অভিনয় কৰা সন্দৰ্ভত অভিনেতা সঞ্জয় দত্তই কয় যে সম্প্ৰতি সঞ্জু পৰিপক্ক হ’ল অভিনয়ৰ ক্ষেত্ৰত ৷অন্যহাতে মাধুৰীও সম্পূৰ্ণ পৰিপক্ক । মাধুৰী দীক্ষিতৰ লগত অভিনয় কৰাটোও এক বিশেষ অভিজ্ঞতা বুলিও কয় সঞ্জয় দত্তই ৷ কৰণ জোহৰৰ ধৰ্মা প্ৰডাকশ্যনৰ ছবি কলংক মুক্তি লাভ কৰিব ১৭ এপ্ৰিলত ৷

বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফ সম্প্ৰতি ব্যস্ত হৈ আছে আজৰি সময় কটোৱাত অৰ্থাৎ হলীডে ৷ কেটৰীনা কাইফ সততে ছ’চিয়েল মিডিয়াৰ পৰা দূৰত থাকে ৷ কিন্তু এইবাৰ কেটৰীণা কাইফে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে কেইখন আলোকচিত্ৰ ৷ অলপতে কেটেৰীনা কাইফৰ হেয়াৰ ষ্টাইলিষ্ট ডেনিয়েল ব্যায়ুৰে "জিৰো"ৰ অভিনেত্ৰী কেটৰীনা কাইফৰ লগত মালদ্বীপৰ পৰা গুড নাইট জনায় অনুৰাগীসকলক ৷

ইফালে কেটেৰীনা কাইফেও বিভিন্ন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। অন্যহাতে কেটেৰীনা কাইফক দেখিবলৈ পোৱা যাব ছলমান খানৰ লগত আলি আবাছ জাফাৰৰ ভাৰত ছবি খনত ৷ ছলমান আৰু কেটৰীনাৰ উপৰিও এই ছবিখনত অভিনয় কৰিছে টাবু,দিশা পাটানী আৰু সুনীল গ্ৰ’ভাৰে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com