পলকতে চাওঁ আহক বলীউডৰ সৰু সৰু খবৰ

পলকতে চাওঁ আহক বলীউডৰ সৰু সৰু খবৰ

বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চন বি টাউনৰ আটাইতকৈ প্ৰতিভাশালী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম ৷ নিজৰ অভিনয়,মোহনীয় সুন্দৰতাৰে ঐশ্বৰ্য্যৰায় বচ্চনে বলীউডত নিজক প্ৰতিষ্ঠা কৰিছে । অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনৰ অভিনয়ে বহু লোকক প্ৰেৰণা দিয়ে ৷ বিগ বি অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনৰ লগত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত অভিষেক আৰু ঐশ্বৰ্য্যৰ জীৱনলৈ আহে আৰাধ্যা বচ্চন ৷ ফান্নী খান ছবিখনৰ অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনে বলীউডত প্ৰবেশ কৰাৰ সময়ৰ প্ৰসংগ ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ৷

অভিনেত্ৰী ঐশ্বৰ্য্য ৰায় বচ্চনে কয় যে মিছ ৱল্ড খিতাপ দখল কৰাৰ সময়ত অভিনিত্ৰী গৰাকী কেৰিয়াৰক লৈ গম্ভীৰ হৈ পৰিছিল ৷ কাৰণ, অভিনেত্ৰী গৰাকী অধিকাৰিক ৰূপে চেলীব্ৰেটীলৈ পৰিণত হৈছিল ৷ ইয়াৰ পূৰ্বে অভিনেত্ৰী গৰাকীয়ে অভিনয়ৰ কথা ভবা নাছিল ৷ সেয়েহে অভিনয় সম্পৰ্কে সকলো জানোতে যথেষ্ট সময় লাগিছিল ৷

হম দিল দে চুকে চনমৰ পিছত অভিনেত্ৰী গৰাকীক সকলো চলচ্চিত্ৰ প্ৰেমীয়ে আদৰি লয়। হাম দিল দে চুকে চনম ঐশ্বৰ্য্য ৰায় বচ্চনৰ আছিল তৃতীয় ছবি ৷ইয়াৰ মাজতে ঐশ্বৰ্য্য ৰায় বচ্চনৰ শেহতীয়াকৈ অনিল কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ লগত Fanney khan ৰ দেখিবলৈ পোৱা যায়। এক বিশেষ সূত্ৰৰ তথ্য অনুসৰি ঐশ্বৰ্য্য ৰায় বচ্চনক মণিৰত্নমৰ ছবিত দেখিবলৈ পোৱা যাব ৷ ইতিহাসৰ কাহিনীক লৈ নিৰ্মিত হোৱা ছবিখনক অমিতাভ বচ্ছনকো দেখিবলৈ পোৱা যাব ৷

অৱশ্যে এতিয়ালৈকে এই বিষয়ে কোনো ঘোষণা কৰা নাই। ইফালে বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাই বিয়াৰ প্ৰসংগই চৰ্চা লাভ কৰাৰ সময়তে চৰ্চালৈ আহিছে আন এগৰাকী অভিনেত্ৰী বিয়াৰ প্ৰসংগৰ কথা ৷এই গৰাকী হৈছে বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা ৷এক সাক্ষাৎকাৰত পৰিনীতি চোপ্ৰাই কয় যে সম্প্ৰতি বিয়াক লৈ কোনো আঁচনি তৈয়াৰ কৰা নাই ৷নমস্তে ইংলেণ্ড অভিনেত্ৰী গৰাকীয়ে কয় যে এতিয়ালৈকে বিয়াৰ কাৰণে প্ৰস্তুত হোৱা নাই।

ইফালে বিয়াৰ ক্ষেত্ৰত ভগ্নী প্ৰিয়াংকা চোপ্ৰাৰ প্ৰসংগ উল্লেখ কৰি কয় যে প্ৰিয়াংকা চোপ্ৰাই ৩৬ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছে ।গতিকে পৰিণীতিৰ ওচৰত এতিয়াও ৬ বছৰ আছেই। ইয়াৰ মাজতে কেশৰী ছবিখনৰ চৰিত্ৰটোৰ সন্দৰ্ভত পৰিনীতি চোপ্ৰাই কয় যে সৰু হ’লেও ছবিখনত এটি মহত্ত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷

বলীউডৰ আন এজন যুৱ প্ৰজন্মৰ অভিনেতা টাইগাৰ শ্ৰফ আৰু দিশা পাটানীৰ প্ৰেমৰ প্ৰসংগই সততে চৰ্চা লাভ কৰি থাকে ৷ দেওবাৰে দুয়োজনকে পৰিয়ালৰ লগত এটি ডিনাৰ পাৰ্টীত দেখা গৈছিল। অলপতে টাইগাৰে কৰণ জোহৰৰ কফী উইথ কৰণ অনুষ্ঠানটোত কয় যে দিশা পাটানী টাইগাৰ শ্ৰফৰ ভাল ফ্ৰেণ্ড। আমি ইজনে সিজনৰ বন্ধুত্বক সন্মান কৰোঁ ৷ লগতে,হিৰোপনতি অভিনেতা টাইগাৰ শ্ৰফে দিশাৰ লগত ৰেস্ত’ৰাত খাদ্য গ্ৰহণ কৰা,কফী বা বিভিন্ন অনুষ্ঠানলৈ যোৱাৰ প্ৰসংগটো মন্তব্য কৰে ৷ অন্যহাতে টাইগাৰ শ্ৰফে বৰ্তমান তাৰা সুত্ৰৰিয়া আৰু অন্যন্যা পাণ্ডেৰ লগত ষ্টুণ্ডেন্ট অব দ্য ইয়েৰ ২ ৰ দৃশ্য গ্ৰহণত ব্যস্ত আছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com