পশ্চিম বংগত বিজেপি বিৰুদ্ধে ৰণডংকা বজালে মমতা বেনাৰ্জীয়ে

পশ্চিম বংগত বিজেপি বিৰুদ্ধে ৰণডংকা বজালে মমতা বেনাৰ্জীয়ে

২০১৯ লোকসভা নিৰ্বাচনৰ কাৰণে ককাঁলত টঙালী বান্ধিছে ৰাজনৈতিক দল সমূহে ।পশ্চিম বংগতো মমতা বেনাৰ্জীয়ে শনিবাৰে বিপক্ষী দলসমূহ বিৰুদ্ধে এক বিশাল সমদলেৰে নিৰ্বাচনী ৰণডংকা বজায়৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক বিশাল ৰেলীৰ জৰিয়তে দেশৰ অন্যান্য ৰাজনৈতিক দল সমুহৰ লগত নিজৰ দলৰ মিত্ৰতাৰ সন্দৰ্ভত এক ইংগিত বহন কৰিলে ৷ সম্প্ৰতি এই মিত্ৰতা দেশৰ অন্যান্য ৰাজনৈতিক দল সমূহৰ কাৰণে বিপদ হিছাপে বিবেচিত হৈছে ৷ইফালে অখিলেশ যাদৱে মন্তব্য কৰে যে, বিএছ পি আৰু এছপি একজোঁট হোৱাৰ পিছত সম্প্ৰতি বিজেপিয়ে বৈঠক অনুষ্ঠিত কৰিছে ৷

লগতে উত্তৰ প্ৰদেশত এখন আসন দখল কৰাৰ কাৰণে বিজেপিয়ে চিন্তা কৰিছে ৷ইফালে এই বিশাল সমদলে ২০ জনতকৈ অধিক ৰাষ্ট্ৰীয় নেতা একত্ৰিত কৰিব ৷ য’ত মুখ্যমন্ত্ৰী দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱাল,অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডী কুমাৰ স্বামী উপস্থিত থাকিব ৷ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা,ওমৰ আব্দুলা,অখিলেশ যাদৱ আৰু গেগান্গ অপাংগও উপস্থিত থাকিব পাৰে ৷আনহাতে দেশৰ সকলোতকৈ বৃহৎ ৰাজনৈতিক দল সমূহক একত্ৰিত কৰাৰ কাৰণে আয়োজন কৰা এই বিশাল সমদলক "ইউনাইটেড ইণ্ডিয়া ৰেলী" নামেৰে নামাংকৃত কৰিছে ৷

এই ৰেলীৰ মুখ্য উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে একত্ৰিত হোৱা ৷ ইফালে দেশৰ প্ৰসিদ্ধ ৰাজনৈতিক নেতাসকলৰ উপস্থিতিত আয়োজন কৰা এই ৰেলী উপস্থিত নাথাকে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধী ৷কিন্তু তেওঁলোকে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিনিধি হিছাপে মল্লিকাজুৰ্ন খড়গে আৰু অভিষেক মনু সিঙভীৰ দৰে নেতাক প্ৰেৰণ কৰে ৷ অন্যহাতে এই বিশাল ৰেলীক সাফল্য মণ্ডিত কৰিবলৈ তৃণমূল কংগ্ৰেছে পাৰ্যমানে চেষ্টা কৰে ৷ এই বিশাল সমদলত ভাগ ল’বলৈ তৃনমূল কংগ্ৰেছৰ সমৰ্থকৰ লগতে কাৰ্যকৰ্তা সকল পশ্চিম বংগত উপস্থিত হয় ৷ লগতে বিভিন্ন ঠাইত হোৱা সমদলটোৱে যাতে যাঁন যতৰ সমস্যাই সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য কৰাৰ কথা উল্লেখ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com