পশ্চিম বংগত মোদীৰ নিৰ্বাচনী প্ৰচাৰ: মমতা বেনাৰ্জীক সমালোচনা

পশ্চিম বংগত মোদীৰ নিৰ্বাচনী প্ৰচাৰ: মমতা বেনাৰ্জীক সমালোচনা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ মুখ্য মমতা বেনাৰ্জীক ক্ষুৰধাৰ সমালোচনা কৰে । শোষণ, দুখীয়া লোকৰ ওপৰত চলা নিষ্পেষণৰ ওপৰত তীব্ৰ সমালোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনৰ দুটা পৰ্যায় অতিক্ৰম কৰাৰ পিছতে মমতা বেনাৰ্জী সংকিত হৈ পৰিছে বুলি প্ৰকাশ কৰে ।

পশ্চিম বংগৰ বুনিয়াদপুৰত এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে লোকসভা নিৰ্বাচনৰ প্ৰথম দুটা পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পাছতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ মাত নোহোৱা হোৱাৰ লগতে টোপনি নহা হৈছে বুলি প্ৰকাশ কৰে।

প্ৰথম দুটা পৰ্যায় নিৰ্বাচনত জনসাধাৰণে বিজেপি চৰকাৰক সমৰ্থন কৰাৰ বাবে বিজেপিৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰে আৰু মোদী চৰকাৰক সমৰ্থন কৰাৰ ক্ষেত্ৰত তৃণমূল কংগ্ৰেছৰ কৰ্মী সকলে অসন্তুষ্টি প্ৰকাশ কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে ।

লগতে মোদীয়ে বিজেপিৰ এজন কৰ্মীক পুৰুলীয়াত হত্যা কৰা হৈছে বুলি উল্লেখ কৰাৰ লগতে প্ৰত্যেক অত্যাচাৰৰ ন্যায় কৰা হব বুলি প্ৰকাশ কৰে। এই ঘটনাৰ লগত জড়িত সকলক উচিত শাস্তি দিয়া হব বুলি প্ৰকাশ কৰে।

মমতা বেনাৰ্জী য়ে চুবুৰীয়া দেশৰ প্ৰতিনিধিক নিজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ সমালোচনা কৰি কয় এনে ঘটনা অতি লজ্জাজনক |

তৃণমূল কংগ্ৰেছৰ মুখ্য মমতা বেনাৰ্জী য়ে পাকিস্তানৰ বালাকোট এয়াৰ ষ্ট্ৰাইক প্ৰমান বিচৰা কাৰ্যকো তীব্ৰ সমালোচনা কৰে। ভাৰতীয় বায়ু সেনায়ে কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰমান বিচৰাৰ পৰিবৰ্তে চিট ফাণ্ড কেলেংকাৰী তথ্য দাখিল কৰিবলৈ কয় মোদীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয় পৰ্যায় নিৰ্বাচনৰ বাবে এই নিৰ্বাচনী প্ৰচাৰ চলাই। তৃতীয় পৰ্যায়ত ৫ টা লোকসভা সমষ্টি ত ভোট গ্ৰহণ অনুষ্ঠিত হব । বালুৰঘাট, মালদা উত্তৰ, মালদা দাকচিন, মুৰচিদাবাদ আৰু জংগিপুৰত ভোট গ্ৰহণ অনুষ্ঠিত হব ।

পশ্চিম বংগত বিজেপিয়ে লোকসভাৰ ৪২ খন আসনৰ ২৩ খন আসনক লক্ষ্য কৰি লৈছে । বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে ২ খন আসনৰ লাভ কৰিবলৈ সক্ষম হৈছিল । সেয়েহে বিজেপিয়ে এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com