পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

আজি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য হঠাৎ উপস্থিত হ’ল পানবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৷ শিক্ষামন্ত্ৰী ভট্টাচাৰ্যই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ লগতে শিক্ষক শিক্ষয়ত্ৰীসকলৰ লগত বিদ্যালয়খনৰ আন্তঃগাঁঠনি সম্পৰ্কে আলোচনা কৰে ৷

ইফালে বিদ্যালয়ৰ ছাত্ৰী সকলৰ শৌচালয় তথা বিল্ডিঙটো পুনৰ নিৰ্মাণৰ লগতে ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়ত্ৰীসকলৰ যাৱতীয় সা সুবিধা সমূহ পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ ইফালে,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰসংগক্ৰমে সম্প্ৰতি চৰ্চা লাভ কৰি থকা গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্দৰ্ভেও মন্তব্য কৰে ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com