পূজাৰাৰ শতৰাণেৰে শক্তিশালী স্থিতিত ভাৰত

পূজাৰাৰ শতৰাণেৰে শক্তিশালী স্থিতিত ভাৰত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা চাৰিখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট ২৬ ডিচেম্বৰৰ পৰা ঐতিহাসিক মেলব'ৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত আৰম্ভ হৈছে। ভাৰতৰ অধিনায়ক বিৰাট কোহলীয়ে টছত জয়ী হৈ প্ৰথমে বেটিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতে এমচিজি টেষ্টৰ প্ৰথম দিনৰ খেলৰ সামৰণি পৰালৈকে সন্তোষজনক স্থিতিত উপনীত হয়। মেলব'ৰ্ণত ভাৰতীয় টেষ্ট দলত অভিষেক ঘটোৱা যুৱ অপেনাৰ মায়াংক আগৰৱাৰ দৰ্শনীয় অৰ্ধশতক(৭৬) ৰাণ আৰু নিৰ্ভৰযোগ্য মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাৰ অৰ্ধশতৰাণেৰে সুন্দৰ স্থিতি লাভ কৰে। প্ৰথম দিনৰ খেলৰ সামৰণি পৰালৈ ভাৰতে দুটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২১৫ ৰাণ। ভাৰতৰ অধিনায়ক বিৰাট কোহলী আৰু চেতেশ্বৰ পূজাৰাই ক্ৰমে ৪৭ ৰাণ আৰু ৬৮ ৰাণত অপৰাজিত হৈ থাকে।

ভাৰতে দ্বিতীয় দিনৰ খেল আৰম্ভ কৰি আজি অতি সতৰ্কতাৰে খেলিবলৈ আৰম্ভ কৰে। আগদিনাৰ দুই অপৰাজিত বেটছমেন বিৰাট কোহলী আৰু চেতেশ্বৰ পূজাৰাই ভোজন বিৰতৰ পূৰ্বে ভাৰতৰ কোনো ধৰণৰ ক্ষতি হবলৈ নিদিলে। পূজাৰাই আজি চলিত শৃখলাৰ দ্বিতীয়টো শতৰাণ সম্পন্ন কৰে। টেষ্ট ক্ৰিকেটত এয়া পূজাৰাৰ ১৭ সংখ্যত শতৰাণ। ভোজন বিৰতিৰ পিছত অধিনায়ক বিৰাট কোহলীয়ে দলৰ ৰাণৰ গতি বৃদ্ধি কৰাৰ বাবে খৰটকীয়াকৈ খেলিবলৈ লয়, কিন্তু দুৰ্ভাগ্যজনক ভাবে ব্যক্তিগত ৮২ ৰাণত কোহলীয়ে মিচেল ষ্টাৰ্কৰ ব'লত এৰোণ ফিন্সৰ হাতত কেচ দি বিদায় লয়। কোহলীৰ বিদায়ৰ কিছু সময় পিছত শতৰাণকাৰী বেটছমেন পূজাৰাইও হেজেলহুডৰ বলত আউট হৈ পেভিলিয়নমুখি হয়।

কোহলী আৰু পূজাৰাৰ বিদায়ৰ পিছতে ক্ৰিজত নামে দুই তাৰকা বেটছমেন আজিংক ৰাহানে আৰু ৰোহিত শৰ্মা। ৰাহানে স্বভাৱজাত খেলৰ বিপৰীতে আজি প্ৰথমৰে পৰা অষ্ট্ৰেলিয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আক্ৰমণাত্মক শৈলীৰে খেলিব লয় আৰু ব্যক্তিগতভাবে ৩৪ ৰাণ সংগ্ৰহ কৰি আউট হয়। ৰাহানেৰ বিদায়ৰ পিছত ৰোহিত শৰ্মাৰ লগত ক্ৰিজত লগলাগে মাৰমুখি উইকেটৰক্ষক বেটছমেন ঋষভ পণ্ট। দুয়ো দ্ৰুত গতিত ৰাণ সংগ্ৰহ কৰিবলৈ লয় আৰু ৩৯ ৰাণত পণ্টে খৌৱজাৰ হাতত মিচেল ষ্টাৰ্কৰ ব'লত কেচ দি আউট হয়। আনহাতে ৰোহিত শৰ্মাই অৰ্ধশতৰাণ সম্পুৰ্ণ কৰি ৬৩ ৰাণত অপৰাজিত হৈ থাকে। ৰবীন্দ্ৰ জাদেজাই কৰে ৪ ৰাণ। ৰবীন্দ্ৰ জাদেজা আউট হোৱাৰ লগে লগে ভাৰতৰ অধিনায়কে ইনিংছ ঘোষণা কৰে। ইনিংছ ঘোষণাৰ সময়ত ভাৰতৰ স্কোৰ হয় সাত উইকেটৰ বিনিময়ত ৪৪৩ ৰাণ।

অষ্ট্ৰেলিয়াৰ হৈ বলিঙত মিচেল ষ্টাৰ্কে দুটা, নাথান লিয়ন আৰু হেজেলহুডে এটাকৈ উইকেট দখল কৰে।আনজন বেগী বলাৰ পেট কামিনছে দখল কৰে তিনিটা উইকেট। ভাৰতৰ ইনিংছ ঘোষণা কৰাৰ পিছত অষ্ট্ৰেলিয়াই বেটিঙ কৰিবলৈ আহি দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰালৈ এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছে ৮ ৰাণ। দুই অপেনাৰ মাৰ্কাচ হেৰিচ আৰু এৰোণ ফিন্সে ব্যক্তিগত ভাবে ৫ ৰাণ আৰু ৩ ৰাণ কৰি বেট ধৰি আছে। কাইলৈৰ দিনটো দুয়োটা দলৰ বাবেই নিৰ্ণায়ক হব। ইতিমধ্যে দুয়োটা দলে এখন এখন খেলত জয়লাভেৰে শৃংখলাত সমতা স্থাপন কৰি আছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com