পূজাৰা আৰু পণ্টৰ শতৰাণেৰে ছিডনী টেষ্টত ভাৰতৰ বিশাল স্কোৰ

পূজাৰা আৰু পণ্টৰ শতৰাণেৰে ছিডনী টেষ্টত ভাৰতৰ বিশাল স্কোৰ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ অন্তিম খন টেষ্ট ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত চলি আছে। দ্বিতীয় দিনৰ খেলত ভাৰতে চেতেশ্বৰ পূজাৰা আৰু উইকেট ৰক্ষক বেটছমেন ঋষভ পণ্টৰ দৰ্শনীয় শতৰাণেৰে অষ্ট্ৰেলিয়াৰ সন্মুখত পাহাৰ সদৃশ ৰাণ থিয় কৰিছে। ভাৰতে টছত জয়ী হৈ প্ৰথমে বেটিঙ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰথম দিনাই ৪ টা উইকেট হেৰুৱাই ৩০৩ ৰাণ সংগ্ৰহ কৰে।প্ৰথম দিনৰ খেলত ভাৰতৰ নিৰ্ভৰযোগ্য মিডিল অৰ্ডাৰ বেটছমেন চেতেশ্বৰ পূজাৰাই কেৰিয়াৰৰ ১৮ সংখ্যক আৰু বৰ্তমানৰ টেষ্ট শৃংখলাত তৃতীয়টো শতৰাণ অৰ্জন কৰিবলৈ সক্ষম হয়। প্ৰথম দিনৰ খেলৰ অন্তত চেতেশ্বৰ পূজাৰাই ১৩০ ৰাণত আৰু হনুমা বিহাৰীয়ে ৩৯ ৰাণত অপৰাজিত হৈ থাকে।

দ্বিতীয় দিনৰ খেল আৰম্ভণি কৰিবলৈ আহে আগদিনাৰ দুই অপৰাজিত বেটছমেন পূজাৰা আৰু হনুমা বিহাৰীয়ে। হনুমা বিহাৰীয়ে আজি নিজৰ ব্যক্তিগত ৰাণৰ লগত তিনিৰাণ যোগদি ৪২ ৰাণ সংগ্ৰহ কৰি নাথান লিয়নৰ ব'লত আউট হৈ পেভিলিয়নলৈ উভতে। হনুমা বিহাৰীৰ পিছত ক্ৰিজলৈ আহে ভাৰতৰ উইকেট ৰক্ষক বেটছমেন ঋষভ পণ্ট। আগদিনাৰ শতৰাণকাৰী বেটছমেন চেতেশ্বৰ পূজাৰা আৰু ঋষভ পণ্টে দৰ্শনীয় ভাবে খেলিবলৈ আৰম্ভ কৰি দলীয় ৰাণৰ গতি আগবঢ়াই লৈ যায়। চেতেশ্বৰ পূজাৰাই ভোজন বিৰতিৰ আগে আগে ডেৰশ ৰাণৰ সীমা অতিক্ৰম কৰে। পূজাৰৰ লগতে ঋষভ পণ্টেও অৰ্ধশতৰাণ অৰ্জন কৰে। দুয়ো মিলি ভাৰতীয় দলক আৰু অধিক মজবুত স্থিতিলৈ লৈ যোৱাৰ সময়তে ব্যক্তিগত ১৯৩ ৰাণত নাথান লিয়নৰ বলত নিজৰ উইকেট হেৰুৱাই পূজাৰাই। পূজাৰাই মাত্ৰ সাত ৰাণৰ বাবে দ্বি শতকৰ পৰা বঞ্চিত হব লগা হয়।

পূজাৰৰ বিদায়ৰ পিছত ভাৰতীয় দলৰ অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা ঋষভ পণ্টৰ লগ লাগে আৰু দুয়ো মাৰমূখি বেটিঙেৰে খৰকৈ ৰাণ সংগ্ৰহ কৰিবলৈ লয় আৰু ঋষভ পণ্টে কেৰিয়াৰৰ প্ৰথমটো শতৰাণ অৰ্জন কৰে। পণ্টৰ উপৰিও ৰবীন্দ্ৰ জাদেজাই অৰ্ধশতৰাণ সংগ্ৰহ কৰি ব্যক্তিগত ৮১ ৰাণত আউট হয়। পন্টে ১৫৯ ৰাণত অপৰাজিত হৈ থাকে।ভাৰতে সাত উইকেটৰ বিনিময়ত ৬২২ ৰাণ সংগ্ৰহ কৰোতে অধিনায়ক বিৰাট কোহলীয়ে ইনিংছ ঘোষণা কৰে। ভাৰতীয় দলৰ উইকেট ৰক্ষক বেটছমেন ঋষভ পণ্টে আজি বিদেশৰ মাটিত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা উইকেট ৰক্ষক বেটছমেনৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়, এইক্ষেত্ৰত তেওঁ ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰে।

অষ্ট্ৰেলিয়াৰ হৈ বলিঙত মিচেল ষ্টাৰ্কে এটা, হেজেলহুডে দুটা, নাথান লিয়নে চাৰিটা উইকেট দখল কৰে। ভাৰতৰ বিশাল ৰাণৰ পিছত অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনৰ খেলৰ সামৰণি পৰালৈ এটাও উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰিছে ২৪ ৰাণ।দুই অপেনিঙ বেটছমেন মাৰ্কাছ হেৰিছ আৰু উচমান খৌজাই ক্ৰমে ১৯ আৰু ৫ ৰাণত বেটিঙ কৰি আছে। ভাৰতে ইতিমধ্যে চাৰিখন টেষ্টৰ শৃংখলাটোত ২-১ ব্যৱধানত আগবাঢ়ি আছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com