পৃথিৱী তথা নিজ ঠাই খনক সেউজীয়া কৰি ৰখাৰ প্ৰয়াস এজন আৰক্ষী কনষ্টেবলৰ

পৃথিৱী তথা নিজ ঠাই খনক সেউজীয়া কৰি ৰখাৰ প্ৰয়াস এজন আৰক্ষী কনষ্টেবলৰ

প্ৰকৃতি আৰু মানুহৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে ।সেয়ে প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থে আমি সকলোৱে দায়িত্বশীল হোৱা উচিত । মানুহে নিজ স্বাৰ্থৰ বাবে প্ৰকৃতিক ধ্বংস কৰি নিজ কামৰ বাবে ব্যৱহাৰ কৰে । সেয়ে আজিকালি পৃথিৱীৰ কোনো কোনি ঠাইত উশাহ-নিশাহ লবলৈও মানুহে প্ৰকৃতিৰ সৈতে যুজঁ দিব লগা হৈছে । কিন্তু কিছুমান এনে লোকো আমাৰ সমাজ খনত উপস্থিত আছে যি সকলে পৃথিৱী তথা নিজৰ ঠাই খনক সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা কৰে ।আজি ঠিক এনে এজন ব্যক্তিৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

চণ্ডীগড় ৩০বছৰীয়া আৰক্ষী কনষ্টেবল দেবেন্দ্ৰ সুৰ নামৰ এজন লোক যি গৰাকীয়ে নিজৰ চহৰ খনক সেউজীয়া কৰি ৰাখিবলৈ ইতিনধ্যে তেওঁৰ নিজ দৰমহাৰ ৩০লাখ টকা খৰচ কৰিছে। হাৰিয়ানাস্থিত নিজ চহৰ সৌনীপতৰ হৰিত ক্ৰান্তি দিশে তেওঁ যোৱা ৬ বছৰ ধৰি এই সন্দৰ্ভত কাম কৰি আছে । আচলতে,তেওঁৰ কৰ্মস্থান চণ্ডীগড়ৰৰ পৰিৱেশ বাতাবৰনৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ গৃহভূমি খন চাফা তথা সেউজীয়া কৰি ৰাখিবলৈ সংকল্প হাতত লয় ।

২০১২চনত তেওঁ এই সংকল্পৰ কাম আৰম্ভ কৰে । তেওঁৰ এই পদক্ষেপত বহু মানুহে তেওঁক সহায়ৰ হাত আগবঢ়ালে আৰু লগতে তেওঁৰ এই কাম কেৱল তেওঁ নিজ ঠাইতে নহয় চহৰ খনত সৌনপত জিলাৰ ১৫২ খন গাঁওৰ পঞ্চায়তলৈ গৈ পায়। তেওঁৰ পৰিয়ালৰ লোক সকলৰ বিৰুদ্ধে গৈও তেওঁৰ এই কৰ্মৰ বাবে প্ৰায় ২৮-৩০ লাখ টকা খৰচ কৰিছে । চহৰ খন সেউজীয়া কৰাৰ তেওঁৰ এই সংকল্পত প্ৰায় ২০০০জন যুৱক জড়িত হৈ আছে লগতে গাঁও সমূহৰ পঞ্চায়তৰ লগ হৈ সজোৱা দল সমূহৰ জড়িয়তে হাৰিয়ানাত গছ পুলি ৰোপনৰ ব্যৱস্থা কৰিছে ।

আৰক্ষী বিভাগত কাম কৰা এক অত্যন্ত কঠিন কাম,যিহেতু আৰক্ষী সকলে এখন দেশৰ লোক তথা জনসাধাৰনৰ সুৰক্ষাৰ হকে অনবৰতে সাজু হৈ কাম কৰি থাকিব লাগে ।২৪ ঘণ্টা দৈনিক ৰুটিনৰ মাজতো তেওঁ নিজৰ ঠাইখিনিৰ সুৰক্ষাৰ বাবে তেওঁ সময় উকিয়াই । প্ৰথম অৱস্থাত তেওঁ ওচৰৰ নাৰ্ছাৰীৰ পৰা গছ পুলি ক্ৰয় কৰিছিল ,কিন্তু পিছত তেওঁ অনুভৱ কৰে যে এই কামত বহু খৰচী ।সেয়ে পিছলৈ তেওঁ এই সমস্যাৰ বাবে এক বিকল্প উলিয়াই উত্তৰ প্ৰদেশৰ খেতিয়ক সকলৰ পৰা গছ পুলি ক্ৰয় কৰিছিল আধা মুল্যত,পিছলৈ ইয়াৰ পৰা বাছিবলৈ অৰ্থাৎ খৰচ টো কম কৰিবলৈ নিজৰ নাৰ্ছাৰী এখন আৰম্ভ কৰে ।

তেওঁ কেৱল ৰাস্তাতে নহয় আশ্ৰম,স্কুল,মন্দিৰ,পঞ্চায়ত ভূখণ্ডতো গছ পুলি ৰোপনৰ ব্যৱস্থা আৰম্ভ কৰিলে । সঁচাই দেৱেন্দ্ৰই এক সুন্দৰ সংকল্প কৰি ভাল পদক্ষেপ এটি হাতত লৈছে,ইয়াৰ বাবে তেওঁ প্ৰশংসাৰ পাত্ৰ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com