প্ৰতিটো দিন আৰম্ভ কৰক একাপ চাহেৰে: কিন্তু তাৰ প্ৰাক মুহুৰ্তত জানো আহক আপোনাৰ চাহ কাপৰ গুণাগুণ

প্ৰতিটো দিন আৰম্ভ কৰক একাপ চাহেৰে: কিন্তু তাৰ প্ৰাক মুহুৰ্তত জানো আহক আপোনাৰ চাহ কাপৰ গুণাগুণ

শীতৰ বতৰত একাপ চাহৰ প্ৰয়োজনীয়তা কিমান সেয়া হয়তো কোৱাৰ প্ৰয়োজন নাই ৷ কামৰ পৰা অৱসাদ,ক্লান্তি বা ভাগৰ দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে একাপ চাহ৷ সেয়া গাখীৰ চাহেই হওক বা অন্য চাহেই হওক। শেহতীয়া এক সমীক্ষাত পোৱা গৈছে যে,ৰচনাত্মক বিচাৰধাৰা বা কলাত্মক চিন্তা চৰ্চাৰ কাৰণে একাপ চাহৰ অত্যন্ত জৰুৰী ৷কাৰণ চাহে চিন্তা চৰ্চা কৰিবলৈ মানুহক সক্ৰিয় কৰি তোলে ৷ সম্প্ৰতি মানুহৰ চাহৰ আসক্তিলৈ চাই বিভিন্ন ৰেষ্টুৰেন্টসমূহত বিভিন্ন চাহ পোৱা যায় ৷ কিন্ত চাহৰ ভিতৰত হাৰ্বেল চাহেই শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী৷আহক জানো বিভিন্ন চাহৰ কিছুমান গুনাগুণঃ

গ্ৰীন ট্ৰীঃ গ্ৰীণ টীয়ে আমাৰ ওজন হ্ৰাস কৰে৷ গ্ৰীণ টীত থকা এন্টী অক্সীডেন্টছ শৰীৰৰ কাৰণে অত্যন্ত উপকাৰী ৷শৰীৰত হ’ব পৰা বিভিন্ন ৰোগৰ প্ৰতিষেধক হিচাপে গ্ৰীন টীয়ে কাম কৰে । লগতে গ্ৰীণ টীয়ে কলেষ্ট’ৰেলৰ পৰিমাণ হ্ৰাস কৰি হৃদৰোগ সম্পৰ্কীয় বিভিন্ন ৰোগ হ’ব পৰা সম্ভাৱনা কম কৰে । ইয়াৰোপৰি ব্লাড পেচাৰ নিয়ন্ত্ৰণ কৰি ৰখাটো গ্ৰীণ টিয়ে যথেষ্ট সহায় কৰে ৷ আজি কালি প্ৰায় সংখ্যক লোকৰে কেন্সাৰ অসুখ হোৱা দেখা যায় । কিন্তু গ্ৰীণ টীয়ে কেন্সৰ ৰোগ প্ৰতিৰোধ কৰাতো সক্ৰিয় ভূমিকা পালন কৰে ৷ কিন্তু গ্ৰীণ টীক খালি পেটত বা একো নোখোৱাকৈ সেৱন কৰিব নালাগে । লগতে গাখীৰ বা চেনীৰ লগতে গ্ৰীন টী নাখায় । অলপমান সোৱাদৰ কাৰণে গ্ৰীণ টীত মৌ মিহলাই সেৱন কৰিব পাৰে । আৰু এদিনত দুকাপতকৈ অধিক গ্ৰীণ টী কেতিয়াও সেৱন কৰিব নালাগে । ইফালে "গ্ৰীন টী"ৰ টী বেগটোত থকা অৱশিষ্ঠ চাহপাত খিনিও যুৱতীসকলে স্কাৱ হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷গ্ৰীণ টীৰ লগত চাউলৰ গুৰি আৰু মৌ মিক্স কৰি স্কাৱ কৰিব লাগে ৷

দালচিনী চাহঃ দালচেনী চাহে শৰীৰত মেটাবলি বঢ়ায় । ইয়াত থকা চিনেমেল্ডটহাইটে ফেট কমায় ৷ লগতে ব্লাড চুগাৰৰ পৰিমাণ দালচেনী চাহে নিয়ন্ত্ৰণ কৰি ৰাখে ৷ যিসকল লোকৰ ডাইবেটিছ আছে তেওঁলোকে দালচেনী চাহ সেৱন কৰিব পাৰে । এক লিটাৰ পানীত ৪-৫ চামুচ দালচেনী পাউদাৰ মিহলাই দালচেনী চাহ তৈয়াৰ কৰা হয় । প্ৰয়োজন হ’লে দালচেনী চাহত মৌ মিহলাই সেৱন কৰিব পাৰে ৷

লেমন টীঃ লেমন টী শৰীৰৰ কাৰণে বিষাক্ত পদাৰ্থসমূহক বাহিৰ কৰিবৰ কাৰণে বিশেষভাৱে উপযোগী ৷হৃদৰোগত আক্ৰান্ত লোকসকলে লেমন টী সেৱন কৰিব পাৰে ৷লগতে লেমন টীয়ে মানুহৰ মনটোক সকৰাত্মক ভাৱেৰে ভৰাই তোলে ৷

দেখা গ’ল প্ৰত্যেকবিধ চাহেই শৰীৰৰ কাৰণে অত্যন্ত উপযোগী ৷গতিকে আপোনাৰ পছন্দৰ চাহ কাপেৰে আৰম্ভ কৰক প্ৰতিটো দিন ৷

অধিক খবৰৰ বাবে পঢ়ক :বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com