প্ৰতিভাৱান মহিলাৰ শাৰীত স্থান লাভ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাৰ

প্ৰতিভাৱান মহিলাৰ শাৰীত স্থান লাভ দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাৰ

অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা সততে চৰ্চাত থাকে ৷ এইবাৰ ইউএচএ টুডেত অভিনেত্ৰী গৰাকীয়ে ৫০ গৰাকী শক্তিশালী মহিলাৰ ভিতৰত স্থান পায় দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাই ৷ মনোৰঞ্জন জগতত বিশেষভাৱে অৱদান আগবঢ়োৱা লগতে নিজৰ শক্তিশালী অভিনয় আৰু চেষ্টাৰ কাৰণে প্ৰিয়াংকা চোপ্ৰাই এই সাফল্য লাভ কৰে। আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন প্ৰিয়াংকা চোপ্ৰাই তিনিবাৰকৈ অকাডমী পুৰস্কাৰ প্ৰাপ্ত মেৰিল ষ্ট্ৰীপ,অ’পৰা উইনফ্ৰে,গায়িকা বিয়োন্সেৰ লগত টেলীভিশ্যন অভিনেত্ৰী এলেন ডীজেনৰেছ,অস্কাৰ বিজয়ী জেনিফাৰ লৰেন্স আৰু অভিনেত্ৰী নিক’ল কিডমেনৰ মাজত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।

এই সাফল্য পোৱাৰ পিছতে প্ৰিয়াংকা চোপ্ৰাই কয় যে মই বহুত সুখী ৷ এনে ধৰণৰ প্ৰাপ্তিয়ে কাম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে ৷ মই বহুত গৰ্ব অনুভৱ কৰিছোঁ ৷ কাৰণ মই সেই সকল মহিলাৰ শাৰীত স্থান পাবলৈ সক্ষম হৈছো ৷ যিসকলে গভীৰ প্ৰত্যাহ্বানক হেলাঙৰে অতিক্ৰম কৰি নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইয়াৰ পূৰ্বতে প্ৰিয়াংকা চোপ্ৰাই ২০১৮ বৰ্ষত ফৰ্বছত ম’ষ্ট পাৱৰফুল মহিলাৰ সূচীত নিজৰ নাম প্ৰতিষ্ঠা কৰিছিল ৷ আনহাতে নিক জ’নাছৰ লগত বিয়াৰ হোৱাৰ পিছত স্বামী নিক জ’নাছ আৰু পৰিয়ালৰ বাকী সদস্যৰ লগত শেহতীয়াকৈ মুক্তি পায় Sucker ভিডিঅ’ টি ।

Sucker শীৰ্ষত এটি গীতত প্ৰিয়াংকা উপৰিও আছে নিক,জ’,ডেনিয়েল আৰু চ’ফী ৷ উল্লেখ্য যে,নিক জ’নাছ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কৰা এই ভিডিঅ’টোক লৈ অত্যন্ত উৎসাহী প্ৰিয়াংকা চোপ্ৰা ৷ ইফালে প্ৰিয়াংকা-নিকৰ পৰিয়ালৰ সকলোৰে ইনষ্ট্ৰাগ্ৰামত এই ভিডিঅ’ দেখিবলৈ পোৱা গৈছে ৷গীতটিত প্ৰিয়াংকা,চ’ফী, ডেনিয়েল সকলোৱে অত্যন্ত আনন্দৰে দৃশ্যগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ নিক জ’নাছৰ লগত প্ৰিয়াংকাৰ এইটো প্ৰথম আৰু বাকী শহুৰ ঘৰৰ লোকসকলৰ লগত প্ৰথম ভিডিঅ’ ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ ভাতৃৰ Sucker ভিডিঅ’টিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল সৰ্বত্ৰে। নিক জ’নাছ আৰু পৰিয়ালৰ সকলোৱে অভিনয় কৰা Sucker ভিডিঅ’টিয়ে কৰিছে এক নতুন ৰেকৰ্ড ৷ জ’নাছ ভাতৃ আৰু প্ৰিয়াংকা চোপ্ৰাৰ এই ভিডিঅ’টিয়ে বিলবোৰ্দ হট ১০০ গীতৰ তালিকাত ১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰিয়াংকা চোপ্ৰা স্বামী নিক জ’নাছৰ সফলতাত অতি সুখী হৈ পৰিছে ৷ এই সন্দৰ্ভত টুইটাৰ যোগে এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে প্ৰিয়াংকা চোপ্ৰাই ৷

অন্যহাতে জ’নাছ ভাতৃৰ এই সফলতা প্ৰাপ্ত হৈছে দ্বিতীয় বাৰৰ কাৰণে ৷ পূৰ্বতে ২০০৮ চনত এলবাম ৱাৰ্নিঙত জৰিয়তে ৫ নম্বৰ স্থান পাইছিল । ২০১৩ চনত জ’নাছ ভাতৃ পৃথক হয়। ইয়াৰ পিছত ৬ বছৰৰ পিছত চকাৰ এলবামৰ জৰিয়তে আকৌ অনুৰাগীৰ মাজলৈ ঘূৰি আহে জ’নাছ ভাতৃ। সম্প্ৰতি প্ৰিয়াংকা চোপাৰ নিক জ’নাছ ভাতৃৰ এই সফলতাত যথেষ্ট সুখী ৷ চকৰ ভিডিঅ’টিত প্ৰিয়াংকা চোপ্ৰাৰ উপৰিও নিক জ’নাছ,জ’ জ’নাছৰ গাৰ্ল ফেণ্ড চ’ফীয়ে অভিনয় কৰিছে। ইফালে জ’নাচ পৰিয়ালৰ সকলো একত্ৰিত হৈ নিৰ্মাণ কৰাৰ কাৰণেই এই ভিডিঅ’টিয়ে এক স্থান লাভ কৰিবলৈ সক্ষম হোৱাটো নুই কৰিব নোৱাৰি ৷

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com