প্ৰত্যাহ্বান পূৰ্ণ ছবিৰে বলীউডৰ ছবিত অভিনেত্ৰী ভূমি পাডনেকাৰ

প্ৰত্যাহ্বান পূৰ্ণ ছবিৰে বলীউডৰ ছবিত অভিনেত্ৰী ভূমি পাডনেকাৰ

বলীউডৰ অভিনেত্ৰী ভূমি পাডনেকাৰক প্ৰত্যাহ্বান পূৰ্ণ চৰিত্ৰত অভিনয় কৰাৰ কাৰণে বিখ্যাত ৷ দম লগা কে হেইচা নামৰ ছবিখনৰ জৰিয়তে বলীউডত প্ৰবেশ কৰা ভূমি পাডনেকাৰে ওজন বৃদ্ধি হোৱা এগৰাকী যুৱতী আৰু ইয়াৰ পিছত যুৱতী গৰাকীৰ বিবাহ,এনেধৰণৰ এক চৰিত্ৰত অভিনয় কৰিছিল । বৰ্তমান ভূমি পাডনেকাৰে ৮৭ বছৰীয়া এগৰাকী বৃদ্ধাৰ চৰিত্ৰত চান্দ কী আঁখত অভিনয় কৰিছে ৷

ইফালে চান্দ কী আঁখৰ পিছত এইবাৰ ভূমিয়ে এগৰাকী কিশোৰীৰ চৰিত্ৰত অভিনয় কৰিব৷ ২৯ বছৰীয়া ভূমিয়ে কিশোৰী যুৱতীৰ চৰিত্ৰত অভিনয় কৰাটো যথেষ্ট প্ৰত্যাহ্বান পূৰ্ণ ৷ তথাপিও এই প্ৰত্যাহ্বানক সাহসৰেৰে আদৰি লৈছে ভূমিয়ে ৷ ডাইৰেক্টৰ অলংকৃতা শ্ৰী বাস্তৱৰ ছবিখন কাহিনীটো এগৰাকী কিশোৰীৰ লৱ ষ্টৰী ৷ ভূমি পাডনেকাৰৰ উপৰিও এই ছবিখনত কংকনা সেন শৰ্মাও অভিনয় কৰিছে ৷

ইফালে বলীউডত সম্পতি বয়সৰ ব্যৱধানত ছবি নিৰ্মাণ হোৱা ট্ৰণ্ড চলি আছে ৷সম্প্ৰতি "দে দে প্যাৰ দে" দেখিবলৈ পোৱা গৈছে অজয় দেৱগন আৰু ৰকুল প্ৰীত সিঙক ৷" ইনচে আল্লাহ"তছলমান খানক দেখিবলৈ পোৱা যাব আলিয়া ভাট্টৰ সৈতে ৷ তাপ্সী পান্নু আৰু ভূমি পাডনেকাৰক দেখিবলৈ পোৱা যাব চান্দ কী আখঁত ৷ ভাৰত ছবিত ছলমান খানে অভিনয় কৰিছে বয়সস্থ পুৰুষৰ চৰিত্ৰত ।

চান্দ কী আঁখ ছবিখনৰ মুখ্য কাহিনী চন্দো আৰু প্ৰকাশী তোমৰৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে ৷সেই সময়ত গাঁৱসমূহত থকা কন্যা ভূণ হত্যাৰ দৰে হোৱা ঘটনাসমূহত প্ৰকাশী তোমৰ আৰু চন্দো তোমৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ইফালে বিগত সময়ত চান্দ কী আঁখৰ অভিনেত্ৰী ভূমি পাডনে কাৰে ছপাক ছবিৰ অভিনেত্ৰী দীপিকা পাডুকনত ভূয়সী প্ৰশংসা কৰিছিল ৷ভূমি পাডনেকাৰ দীপিকা পাডুকনক প্ৰশংসা কৰি কয় যে ছপাক ছবিখন যথেষ্ট প্ৰাসংগিক ৷ সমাজৰ এটা জলন্ত সমস্যাক ছবিখনত উপস্থাপন কৰা হৈছে ৷ ছপাক ছবিৰ প্ৰথম লুক মই দেখিছোঁ ৷ সেয়া অত্যন্ত মনপৰশা।

বিশ্বৰ সকলোতকৈ বয়োজেষ্ঠ্য শ্বুটাৰ হাৰিয়ানাৰ চন্দো তোমৰ আৰু প্ৰকাশী তোমৰৰ আত্মজীৱনী “চান্দ কী আঁখৰ” দৃশ্যগ্ৰহণ সম্প্ৰতি সম্পূৰ্ণ হৈছে। ছবিখনত নাম ভূমিকাত অভিনয় কৰিছে তাপ্সী পন্নু আৰু ভূমি পাডনেকাৰে। চান্দ কী আঁখৰ দৃশ্য গ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছত ভাবুক হোৱা দেখা গৈছে তাপ্সী পান্নু আৰু ভূমি পাডনেকাৰক ৷

ছবি খনৰ কাৰণে দীপিকা পাডুনৰ পৰিৱৰ্তিত ৰূপে আকৰ্ষিত কৰিছে সকলোকে ৷ মই দীপিকা পাডুকনৰ কামৰ কাৰণে সৌভাগ্যশালী বুলি অনুভৱ কৰোঁ ৷ দীপিকা পাডুকনৰ কামে মোক বহুত অনুপ্ৰাণিত কৰে। এই মন্তব্য অভিনেত্ৰী ভূমি পাডনেকাৰৰ ৷ লগতে বলীউডত মহিলাসকলে বা যুৱতী সকলে দেখুওৱা পাৰদৰ্শিতাৰ সম্পৰ্কে ভূমিয়ে কয় যে চান্দ কী আঁখ আৰু ছপাকৰ দৰে ছবিয়ে বলীউডলৈ এক বিশেষ বাৰ্তা কঢ়িয়াই আনিছে ৷ মানুহে কেৱল ভাল ছবি চাবলৈ বিচাৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com