প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ তেলেংগানাৰ মূখ্যমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ তেলেংগানাৰ মূখ্যমন্ত্ৰীৰ

তেলেংগানাৰ মূখ্যমন্ত্ৰী কে চন্দ্ৰ শেখৰ ৰাৱে বুধবাৰে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। হায়দৰাবাদত থকা মূখ্যমন্ত্ৰী কাৰ্য্যলয়ৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তি যোগে এই সাক্ষাতকাৰক এক সৌজন্যতা মূলক সাক্ষাৎ হিচাপে অভিহিত কৰে। সদ্য সমাপ্ত তেলেগংনা বিধান সভা নিৰ্বাচনত তেলেংগানা ৰাষ্ট্ৰ সমিতিয়ে বৃহৎ বিজয় সাব্যস্ত কৰাৰ পিছত কে চন্দ্ৰ শেখৰ ৰাৱে মূখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত এয়া প্ৰধান মন্ত্ৰীক তেওঁৰ প্ৰথম সাক্ষাৎ।

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ সময়ত কে চন্দ্ৰশেখৰ ৰাৱে বিভিন্ন বিষয়, বাকী থকা প্ৰকল্প সমূহ আৰু আধৰুৱা প্ৰতিশ্ৰুতি সন্দৰ্ভতো কথা পাতে। মুখ্যন্ত্ৰীজনে জনোৱা অনুসৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ অনুৰোধ সমূহৰ যোগাত্মক সহাৰি প্ৰদান কৰিছে। তেলেংগানাৰ মূখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি ৰাজ্যখনত নতুন সচিবালয় নিৰ্মাণ, ক্ৰীমনগৰত এখন ভাৰতীয় তথ্য প্ৰযুক্তি প্ৰতিষ্ঠান আৰু হাইদৰাবাদত এখন আই আই এম স্থাপন কৰাৰ বাবে অনুৰোধ কৰে। মূখ্যমন্ত্ৰী চন্দ্ৰ শেখৰ ৰাৱে ইয়াৰ উপৰিও ৰাজ্যখনৰ নতুন জিলা সমূহত একৈশখন জবাহৰ নবোদয় বিদ্যালয় স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক আবেদন কৰে। ৰাজ্যৰ ৰাজধানী হাইদৰাবাদত এথন ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গবেষণা প্ৰতিষ্ঠানত অনুমোদন জনোৱাৰ বাবেও দেশৰ প্ৰধানমন্ত্ৰী জনক অনুৰোধ কৰে কেচিআৰে। তেলেংগানাৰ মূখ্যমন্ত্ৰী জনে ইয়াৰ উপৰিও নৰেন্দ্ৰ মোডীক জেহেৰাবাদক নেচেনেল ইনভেষ্টমেণ্ট এণ্ড মেনুফেকচাৰ অঞ্চল হিচাপে গঢ়াৰ বাবে প্ৰয়োজনীয় পূজি মোকলাই দিয়াৰ বাবে আবেদন জনাই।

ৰাজ্যখনৰ ৱাৰাংগাবাদত থকা কাকতিয়া মেগা টেক্সটাইল উদ্যানৰ বিকাশৰ বাবে ১০০০০ কৌটি টকা মোকলাই দিয়াৰ বাবেও প্ৰধানমন্ত্ৰীজনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই। দেশৰ বিভিন্ন ৰাজনৈতিক মহলে কে চন্দ্ৰ শেখৰ ৰাওঁ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই সাক্ষাতক ৰাজনৈতিক দৃষ্টি কোনেৰে চাইছে। অন্ধ্ৰপ্ৰদেশৰ মূখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ লগত বিজেপিৰ মিত্ৰতাৰ অন্ত পৰাৰ পিছত এইবাৰ তেলেংগানাৰ কেচিআৰৰ লগত বিজেপিয়ে ৰাজনৈতিক সমীকৰণ মিলাই কংগ্ৰেছৰ মহা গোট বন্ধনৰ প্ৰচেষ্ঠাক প্ৰত্যাহবান জনোৱাৰ চেষ্টা কৰিছে। আগন্তুক সময়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত সকলো কথা পোহৰলৈ আহিব।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com