"প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধান আঁচনি" মুকলি

"প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধান আঁচনি" মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি 'প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধান আঁচনি' মুকলি কৰে। দুদিনীয়া ভ্ৰমণ সূচীৰ গৃহ সমষ্টি উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আন্নাপুৰ্না ধামত উপস্থিত হয়। তাৰ পাছত শিক্ষন ভৱন আৰু বিদ্যাৰ্থী ভৱনৰ আধাৰশিলা স্থাপন কৰে । লগতে জন সভাতো অংশগ্ৰহন কৰে । ইয়াতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধান আচনি PM-SYM মুকলি কৰে । এই আচনি মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে অসংগঠিত শ্ৰমিকৰ বাবে এই বিশেষ প্ৰদক্ষেপ বুলি প্ৰকাশ কৰে ।এই আঁচনিৰ জৰিয়তে ৬০ বছৰৰ পাছতো ৩ হাজাৰ কৈ লাভ কৰিব শ্ৰমিকে । আচনিৰ জৰিয়তে ১০ কোটি লোক উপকৃত হ'ব ।

উল্লেখযোগ্য যে আয়ুচমান ভাৰত আচনিৰ জৰিয়তে দেশবাসীয়ে স্বাস্থ্য সেৱা লাভ কৰিছে । প্ৰধানমন্ত্ৰীৰ জীৱন বীমা আচনিৰ জৰিয়তে জীৱন আৰু বিশেষভাৱে লোক সকলৰ বাবে যথেষ্ট সুবিধা প্ৰদান কৰিছে । প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ যোগেদি লোক সকলৰ অবসৰ সময়ত সুবিধা লাভ কৰিব ।

গুজৰাটৰ দুদিনীয়া ভ্ৰমণসুচী সামৰি প্ৰধানমন্ত্ৰী মধ্যপ্ৰদেশৰ ধাৰত উপস্থিত হব । তাত এক বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিব । প্ৰধান মন্ত্ৰীৰ এই ৰেলীত অংশগ্ৰহণ ১৫ ফেব্ৰুৱাৰীতে অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু পুলোৱামা আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ বাবে মধ্যপ্ৰদেশৰ এই অনুষ্ঠান পিচুৱাই হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি ঝাৰখণ্ডৰ গদ্দাত প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধান আচনি মুকলি কৰে ।লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে বিজেপি দলক ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com