প্ৰধানমন্ত্ৰী মোদীৰ আত্মজীৱনী মূলক ছবি প্ৰকাশৰ পিছত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি প্ৰকাশৰ পিছতে কংগ্ৰেছে নিৰ্বাচনী আয়োগৰ ওচৰত আপত্তি দৰ্শাই । সোমবাৰে কংগ্ৰেছৰ একাংশ নেতাই নিৰ্বাচনী আয়োগৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি প্ৰকাশে আগন্তুক লোকসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব বুলি অভিযোগ দিয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খনত কাৰন ৰাজনৈতিক ক্ষেত্ৰ খনৰ বহু দিশ প্ৰকাশ কৰিব ।

কংগ্ৰেছৰ নেতা কপিল চিবালে সংবাদ মাধ্যমক জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবিখন লোকসভা নিৰ্বাচনৰ কিছুদিনৰ পূৰ্বে উন্মোচন কৰিব । ৫ এপ্ৰিলত উন্মোচন হব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি । সেয়েহে ছবিখনৰ উন্মোচনে নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব বুলি প্ৰকাশ কৰে । ছবিখনে জন মানসত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হব । ছবিখনৰ ৩ জন পযোজক ভাৰতীয় জনতা পাৰ্টিৰ। অভিনেতা বিবেক অবেৰই অভিনয় কৰিছে এই ছবিখনত|

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com